মটৰ শ্ৰমিকৰ ধৰ্মঘটত স্তব্ধ দেশৰ পৰিবহণ সেৱা

মটৰ শ্ৰমিকৰ ধৰ্মঘটত স্তব্ধ দেশৰ পৰিবহণ সেৱা

সমগ্ৰ দেশতে মটৰ শ্ৰমিকৰ চকাবন্ধৰ প্ৰভাৱ পৰিছে ৷ অসমত চকাবন্ধৰ প্ৰভাৱ ব্যাপক ৷ পৰিবহণ শ্ৰমিক ফেডাৰেচনে আহ্বান কৰা ২৪ঘণ্টীয়া বন্ধত স্তব্ধ হৈ পৰিছে পৰিবহণ সেৱা, ব্যক্তিগত পৰিবহণকো চলাচলত বাধা প্ৰদান ৷ ৯ দফীয়া দাবীত আহ্বান জনোৱা চকাবন্ধৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ দিবলগা হৈছে ৷ বাছৰ অভাৱত গৰমত যাত্ৰীসকলৰ মাজত অসহায় অৱস্থাৰ সৃষ্টি কৰিছে ৷ যাত্ৰীসকলৰ দাবী- সমস্যাবিলাক সমাধানত চৰকাৰে গুৰুত্ব দিয়া উচিত ৷ আন্দোলনলৈ যোৱা পৰিবেশ নাইকিয়া কৰিব পাৰিলেহে চৰকাৰসমূহক জনগণৰ চৰকাৰ বুলি ক’ব পৰা যাব৷

মটৰ শ্ৰমিকৰ ধৰ্মঘটত স্তব্ধ দেশৰ পৰিবহণ সেৱা

মটৰ ভেহিকল সংশোধন বিল, ২০১৭ আৰু পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে আহি পৰা সমস্যাসমূহ সমাধানৰ বাবে পথ পৰিবহণ শ্ৰমিক সংগঠনসমূহৰ সদৌ ভাৰত সমন্বয় সমিতিয়ে চৰকাৰৰ লগত আলোচনা কৰিও বিফল হোৱাত ২৪ঘণ্টীয়া বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ বেচৰকাৰী বাছৰ লগতে টেক্সী, চৰকাৰী বাছ, স্কুল বাছ, পৰিবহণৰ বাছ-ট্ৰাক, অট’ৰিক্সা আদি সকলোৱে এই ২৪ঘণ্টীয়া বন্ধ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷ মটৰ পৰিবহণ সংশোধনী বিল, ২০১৮ক ইতিমধ্যে লোকসভাই অনুমোদন জনাইছে ৷ ৰাজ্যসভাত অনুমোদন পালেই আইনলৈ ৰূপান্তৰিত হ’ব ৷

মটৰ পৰিবহণ সংশোধনী বিল, ২০১৮ আইনলৈ ৰূপান্তৰিত হ’লে পৰিবহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হাতত থকা বহু ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ যাব ৷ বেচৰকাৰী পৰিবহণ কোম্পানীসমূহ চৰকাৰৰ নিয়ন্ত্ৰণলৈ যাব ৷ চালকসকলৰ বিৰুদ্ধে এই আইন কঠোৰ হ’ব যদিও পথচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিব ৷ উত্থাপিত বিলৰ সংশোধনী প্ৰস্তাৱসমূহৰ লগতে পথত টোলগে'ট বন্ধ কৰা, তৃতীয় পক্ষৰ বীমাৰ ধন হ্ৰাস কৰাৰ দাবীত সন্নিবিষ্ট কৰা হৈছে এই আন্দোলনত ৷ দাবীসসূহক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত মটৰ শ্ৰমিক পৰিবহণ সন্থাই অধিক শক্তশালী আন্দোলন কৰাৰ হুংকাৰ দিছে ৷

Your Comments