তপন বৰগোহাঁই
২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা ফলাফলৰ দিন ঘোষণা কৰা হৈছে।১৫ মে'ত 'ছেবা'ই ঘোষণা কৰিব এই দুই পৰীক্ষাৰ ফলাফল।ছেবাই জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ বছৰৰ দৰে এইবাৰো দিনৰ ৯ বজাত ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল।ফলাফল ঘোষণা কৰাৰ বাবে ছেবা কৰ্তৃপক্ষই ১০টা বিশেষ ৱেবচাইটৰ ব্যৱহাৰ কৰিব বুলি ইতিমধ্যে কিছুদিনৰ পূৰ্বে ঘোষণা কৰিছে।আনহাতে পৰীক্ষাৰ্থীয়ে এছএমএছৰ জৰিয়তেও ফলাফল লাভ কৰিব পাৰিব।ছেবাই অৱগত কৰা অনুসৰি ফলাফল ঘোষণাৰ দিনা দিনৰ ১১ বজাত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিদ্যালয়ত লাভ কৰিব নম্বৰ তালিকা আৰু প্ৰমাণপত্ৰ।
উল্লেখ্য যে এইবাৰ মেট্ৰিক আৰু হাইমাদ্ৰাছৰ পৰীক্ষাত মুঠ ৩লাখ ৫৪হাজাৰ ১৪৩ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।উল্লেখ্য যে শনিবাৰে ছেবা ব'ৰ্ডৰ সভাত ঘোষণা কৰা হৈছে পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনটো।
আনহাতে এই বর্ষত ছেবাই পূৰ্বৰ বছৰসমূহৰ দৰে ফলাফল ঘোষণাত যাতে কোনো ভুল ৰৈ নাযায়,তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দিছে।
- Log in to post comments
- 24 views