ফানীৰ প্ৰভাৱ:অসমত সাজু দুৰ্যোগ প্ৰশমন বিভাগফানীৰ প্ৰভাৱ:অসমত সাজু দুৰ্যোগ প্ৰশমন বিভাগ

fani

তপন বৰগোহাঁই

উৰিষ্যাৰ উপকূলত 'ফানী'ৰ ধ্বংসলীলাৰ পাছত অসমতো জাৰি কৰা হৈছে বিশেষ সতৰ্কবাণী।যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীকে ধৰি ব্ৰহ্মপুত্ৰত চলাচল কৰা ফেৰী সন্দৰ্ভত প্ৰশাসনে জাৰি কৰিছে বিশেষ সতৰ্কবাণী।সেই অনুসৰি আজি আৰু  কাইলৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰত চলাচল কৰা সকলো ফেৰী সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে।ইয়াৰ উপৰিও ধুবুৰী,যোৰহাট,মাজুলী,ডিব্ৰুগড়,শোণিতপুৰকে ধৰি প্ৰত্যেকখন জিলাতে ব্ৰহ্মপুত্ৰত  নাও চলাচলত বাধা আৰোপ কৰা হৈছে।


আনহাতে,যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগ সম্পূৰ্নৰূপে সাজু হৈ উঠিছে।ৰাইজৰ সুবিধা বাবে প্ৰশাসনে মুকলি কৰিছে বিনামূলীয়া হেল্পলাইন নম্বৰ।নম্বৰকেইটা হৈছে সেই অনুসৰি ১০৭০,১০৭৭ আৰু ১০৭৯।


আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগেও ফানী ঘূৰ্ণি ধুমুহাৰ  প্ৰতি লক্ষ্য ৰাখি মুকলি কৰিছে বিনামূলীয়া হেল্পলাইন নম্বৰ।০১১২৩০৬১৩০২/২৩০৬৩২০৫/২৩০৬১৪৬৯-এই তিনিটা নম্বৰ মুকলি কৰিছে বিভাগটোৱে।


উল্লেখ্য যে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ৪ আৰু ৫ মে'ত 'ফানী ঘূৰ্ণি ধুমুহা' অসমত প্ৰৱেশ কৰিব।লগতে এই কথাও প্ৰকাশ কৰিছে অসমত প্ৰবেশ কৰাৰ সময়ত ফানীৰ গতিবেগ ঘণ্টাত ৩০-৪০ কিঃমিঃৰ আশে-পাশে থাকিব।ইফালে,অসমত 'ফানী'ৰ  প্ৰভাৱ পৰিব লগা অঞ্চলসমূহক কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দুটা ভাগত ভাগ কৰিছে।সুমথিৰা আৰু হালধীয়া চিহ্নৰ জৰিয়তে অসমৰ জিলা তথা অঞ্চলসমূহক চিনাক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰটোৱে।মন কৰিব লগা কথা এই যে কেন্দ্ৰটোৱে প্ৰকাশ কৰা হালধীয়া চিহ্নসমূহৰে ফানীৰ প্ৰভাৱ অধিক পৰাৰ কথা বুজোৱা হৈছে।একেদৰে সুমথিৰা প্ৰতীকটোৰে প্ৰভাৱ কিছ কম হোৱাটো বুজাইছে।

Your Comments