শাসকগোষ্ঠীলৈ বৃহৎ প্ৰত্যাহ্বান নমাই তিনিদিনীয়া ধৰ্মঘট ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ ১৭ লক্ষাধিক চৰকাৰী কৰ্মচাৰীয়ে । সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ দাবীতেই এই ধৰ্মঘট কাৰ্যসূচী । প্ৰতিবাদী কৰ্মচাৰী সমাজৰ অভিযোগ মতে আয়োগৰ পৰামৰ্শসমূহ দেৱালীৰ পূৰ্বে কাৰ্যকৰী কৰিব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল ।
কিন্তু সেয়া অহা ২০১৯ বৰ্ষৰ জানুৱাৰীৰপৰাহে প্ৰযোজ্য হ'ব বুলি চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰে । প্ৰাপ্ত তথ্য অনুসৰি সপ্তম দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে ব্যয় হ'ব ২১,০০০ কোটি টকা । কৰ্মচাৰীৰ ধৰ্মঘটৰ ফলত চূড়ান্ত অচলাৱস্থাৰ আশংকা কৰা হৈছে মহাৰাষ্ট্ৰত ।
- Log in to post comments
- 11 views