নগাঁৱৰ পৰিকল্পনা বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দুৰ্নীতি, বিধায়ক-সাংসদ পুজিৰ আচনি ৰূপায়ণত স্থবিৰতা 

ৱাহিদুদ জামান, নগাঁও, ২ মে' :

নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিকেন্দ্ৰীভুত পৰিকল্পনা বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ চৰম গাফিলতিৰ ফলত জিলা উন্নয়ন বিভাগৰ অধিকাংশ আঁচনি ৰূপায়ণত স্থবিৰতা আহি পৰিছে। বিশেষকৈ সাংসদ আৰু বিধায়ক পুঁজিৰ অধীনত বিভিন্ন সমষ্টিত ৰূপায়ণ কৰা কেতবোৰ আঁচনিৰ অধিকাংশই দীৰ্ঘদিন ধৰি অৰ্ধ নিৰ্মিত হৈ আছে।

আনকি, ২০১৩-১৪ আৰু ২০১৪-১৫ বৰ্ষত আবন্টিত পুঁজিৰ অধীনত নিৰ্মাণ সমিতিয়ে প্ৰথম কিস্তিৰ ধন মোকলাই দিছে যদিও দ্বিতীয় কিস্তিৰ ধন মোকলাই দিয়াৰ ক্ষেত্ৰত বিভিন্ন অজুহাত দেখুৱাই সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীয়ে অনীহা প্ৰকাশ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, বিভাগীয় নিয়ম অনুসৰি এই পুজিৰ অধীনত ৰূপায়ণ কৰা প্ৰতিটো আঁচনিৰ বিপৰীতে নিৰ্মাণ সমিতি গঠন কৰা হয় আৰু এই নিৰ্মাণ সমিতি সমুহে পৰিকল্পনা বিভাগ পৰা ধন মোকলাই নিয়াৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দিব লগা হোৱাৰ অভিযোগো সততে উত্থাপিত হৈ আহিছে।

ইপিনে, একাংশ নিৰ্মাণ সমিতিয়ে প্ৰথম কিস্তিৰ ধন মোকলাই নিয়াৰ পিছত কোনো কাম নকৰাৰ বাবে দ্বিতীয় তথা অন্তিম কিস্তিৰ ধন মোকলাই নিয়াত অপৰাগ হয়। কিয়নো প্ৰথম কিস্তিৰ ধনৰে নিৰ্দিষ্ট পৰিমাণৰ কাম সম্পন্ন কৰি ফটো, যাৱতীয় তথ্যসহ ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিব লাগে যদিও সেই নথি পত্ৰ দিবলৈ সক্ষম নহয়। যাৰ বাবে ব্যৱহাৰিক প্ৰমাণ পত্ৰ নিদিয়াৰ ফলত পৰিকল্পনা বিভাগে পৰৱৰ্তী কিস্তিৰ ধন মোকলাই দিব নোৱাৰে। এইদৰে ব্যৱহাৰিক প্ৰমাণ পত্ৰ নিদিয়াৰ বাবে প্ৰতি বছৰে বিধায়ক পুঁজিৰ বৃহৎ পৰিমাণ ধন বছৰ বছৰ ধৰি অব্যৱহৃত হৈ পৰি ৰৈছে।

আনহাতে, ভূতৰ ওপৰত দানৱ পৰাৰ দৰে প্ৰতিটো আঁচনিৰ প্ৰাককলন প্ৰস্তুত কৰাৰ নামত নিৰ্মাণ সমিতিৰ কাৰিকৰী সদস্যৰ দায়িত্ববহন কৰা একাংশ কনিষ্ঠ অভিযন্তাক এক নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দিব লগা হোৱাত প্ৰাককলণ অনুসৰি কাম সম্পূৰ্ণ কৰাৰ অসুবিধাৰ সন্মুখীন হ'বলগা হয়। এই অভিযোগো সকলোৰে মুখে মুখে। উল্লেখ্য যে, নগাঁও জিলাত আঠটা বিধান সভা সমষ্টি আছে। ইয়াৰে প্ৰতিটো বিধান সভা সমষ্টিত বিধায়ক পুঁজিৰ অধীনত প্ৰতি বছৰে ২ কোটি টকাৰ আবন্টন লাভ কৰে। আনহাতে, সাংসদ পুজিৰ অধীনত প্ৰতিটো সাংসদ এলেকা উন্নয়নৰ বাবে প্ৰতি বছৰে ৫ কোটি টকাৰ আবন্টন লাভ কৰে।

কিন্তু এই বিধায়ক আৰু সাংসদ পুঁজিৰ ধনৰ অধিকাংশই  চৰকাৰী ৰঙা ফিটাৰ মেৰপাচৰ লগতে এনেধৰণৰ কথাৰ বাবেই অপব্যৱহাৰ হৈ থকা ঘটনা অতি পৰিতাপৰ বিষয় হিচাপে চিহ্নিত হৈছে। এই ক্ষেত্ৰত বিধায়ক অথবা সাংসদও কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাত স্বাভাৱিকতে জনপ্ৰতিনিধিৰ সমষ্টি উন্নয়নৰ ধন সদব্যৱহাৰ নোহোৱাৰ অভিযোগ উঠিছে।

Your Comments

Related Articles