গোলাঘাট ২৭ এপ্ৰিল :
অসমীয়া সাহিত্য জগতৰ অন্যতম মহীৰূহ ,সাহিত্য অকাডেমিৰ ফেল' সন্মানেৰে বিভূষিত ড ° নগেন শইকীয়া দেৱক তেখেতৰ ওপজা গাওঁ গোলাঘাটৰ হাতীয়েখোৱাত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজহুৱা সম্বৰ্ধনা জনোৱা হ'য়। হাতীয়েখোৱা ৰাজহুৱা ৰংগমঞ্চত অনুষ্ঠিত হোৱা সম্বৰ্ধনা কাৰ্যসূচীত গোলাঘাটৰ বিভিন্ন অঞ্চলৰ প্ৰায় দুই শতাধিক অনুষ্ঠান - প্ৰতিষ্ঠান, দল- সংগঠন তথা ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। অসমৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সন্মান অৰ্জন কৰি অসমৰ লগতে হাতীয়েখোৱা অঞ্চলক গৌৰাম্বিত কৰা এইগৰাকী প্ৰথিতযশা সাহিত্যিক তথা চিন্তাবিদক বৃহৎ অঞ্চলটোৰ নৱ প্ৰজন্মক পৰিচয় কৰাই দি উৎসাহিত কৰাৰ লক্ষ্যক সমগ্ৰ গোলাঘাটবাসীৰ সহযোগ লক্ষ্যণীয় আছিল। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠাটিত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা : ধ্ৰুৱজ্যোতি বৰাকে প্ৰমুখ্যে কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া আদি।
- Log in to post comments
- 3 views