সোমবাৰে কামৰূপ জিলাৰ ৰাণী ব্লকৰ চনীয়াপাৰা গাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ আৰু আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ ইৰি (IRRI) ৰ যুটীয়া উদ্যোগত এপাৰ্টৰ (APART) ধান সংক্ৰান্তীয় আঁচনিৰ অধীনত কৃষি যান্ত্ৰিকীকৰণৰ বিভিন্ন প্ৰযুক্তি আৰু যন্ত্ৰসমুহৰ এক প্ৰশিক্ষণ আৰু প্ৰদৰ্শন অনুষ্ঠিত হয় । এই অনুষ্ঠানত মেচিনৰ জৰিয়তে ধান ৰোপণৰ ক্ৰিয়া-কৌশল প্ৰদৰ্শন কৰা হয় । ধান ৰোপণ যন্ত্রৰ দ্বাৰা ধানৰ খেতিত হেক্টৰে প্ৰতি ৫০০০ৰ পৰা ৭০০০ টকা সঞ্চয়ৰ লগতে প্ৰতি হেক্টৰে ৫ৰ পৰা ৬ কুইণ্টল ধান আৰু ১৬ৰ পৰা ২০ শতাংশ বনুৱাৰ সংখ্যা কমাব পাৰি ।
এই অনুষ্ঠানত মেট নাৰ্ছাৰী, গুটি ছটিওৱা মেচিন, ৰিপাৰ আদিৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিশেষজ্ঞসকলে ইৰিয়ে উদ্ভাৱন কৰা বিনাধান ১১, ৰঞ্জিত ছাব ১, বাহাদুৰ ছাব ১ জাতৰ বিষয়ে কৃষকসকলক অবগত কৰে । অনুষ্ঠানত অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব তথা এৰিয়াছ ছ'চাইটীৰ আঁচনি সমন্বয়ক বিনোদ ছেচানে বিভিন্ন প্ৰযুক্তিসমূহৰ জৰিয়তে অসমৰ কৃষি খণ্ডত পৰিৱৰ্তন আহিব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত আন্তজাৰ্তিক ধান গৱেষণা কেন্দ্রৰ ডঃ সুধাংশু সিং উপস্থিত থাকি বিভিন্ন ধানৰ জাতসমূহৰ বিষয়ে আভাষ দিয়ে ।
উল্লেখ্য যে উক্ত অনুষ্ঠানত ১৫০জন কৃষকে প্ৰশিক্ষণ গ্রহণ কৰে । আনহাতে, কৃষি গৱেষণা কেন্দ্রৰ আঁচনি সমন্বয়ক ডঃ ধীৰেন কলিতা, অসম কৃষি বিশ্ববিদ্যালয়ৰ কল্যাণ পাঠক আৰু ইৰিৰ কৌৰ সিং অনুষ্ঠানত উপস্থিত থাকে । উল্লেখ্য যে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ আৰু এপাৰ্টৰ মাজত যোৱা ১৬ মাৰ্চ, ২০১৮ তাৰিখে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ এই চুক্তিখনৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ তথা প্ৰতিকূল বতৰৰ লগত খাপ খোৱাকৈ বিভিন্ন ধানৰ জাত আৰু প্ৰযুক্তিৰ জৰিয়তে অসমৰ ১৬খন জিলাৰ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে আৰ্থিকভাবে সৱলীকৰণ কৰিব ৷
এই চুক্তিৰ অংশ হিচাপে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰই কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে ধানখেতিৰ বিভিন্ন পর্যায়ত বিভিন্ন প্ৰযুক্তিৰ সঠিক ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰিব । ইয়াৰোপৰি অসমৰ জলবায়ু অনুকূল উচ্চ উৎপাদন সম্পন্ন ধানৰ জাত বিনাধান ১১, ৰঞ্জিত ছাব ১, বাহাদুৰ ছাব ১ জনপ্ৰিয়কৰণত গুৰুত্ব দিব । এই আঁচনিসমূহ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ আত্মাৰ জৰিয়তে ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে ।
- Log in to post comments
- 90 views