হিমন্তক মই নচুৱাম বুলি কৈছিলোঁ,নচুৱাই  আছোঁ-আৰ পি শৰ্মা

rp

তপন বৰগোঁহাই

হিমন্তক মই নচুৱাম বুলি কৈছিলোঁ,এতিয়া নচুৱাই আছোঁ।তেজপুৰত নচাৰ পিছত গুৱাহাটীতো নাচিব লাগিব কৈছিলোঁ,এতিয়া নাচিছে। নাচোতে উজুটিও খাইছে কিন্তু নাচিছে।'-এই মন্তব্য তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ লোকসভাৰ নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত  ক'লাকোট পৰিধান কৰি জ্যেষ্ঠ নেতাগৰাকী পুনৰ উভতি আহিছে অধিবক্তাৰ পেছালৈ।


আজি পুৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ত অন্য অধিবক্তাৰ দৰে উপস্থিত হয় শৰ্মা।অধিবক্তাগৰাকীয়ে উচ্চ ন্যায়ালয়ত উপস্থিত হৈ কয় অধিবক্তা পেচালৈ আহিলেও তেওঁ ত্যাগ নকৰে ৰাজনৈতিক জীৱন।২০২১ চনত বিজেপিৰ হৈ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ আশা তেওঁৰ।


আনহাতে,এইবাৰৰ নিৰ্বাচনত তেজপুৰ সমষ্টিত কিয় প্ৰচাৰ নচলালে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শৰ্মাই কয় যে দলে বিচৰা নাছিল বাবেই তেওঁ প্ৰচাৰৰ পৰা আঁতৰি আছিল। লগতে কয় যে তেজপুৰত প্ৰচাৰ নচলালেও পল্লৱলোচনৰ বিৰোধিতা তেওঁ কৰা নাই ।


শৰ্মাই কয় যে পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী। সাংবাদিকৰ আগত তেওঁ কয় যে অসমতো বিজেপিৰ ফলাফল ভাল হ'ব। গুৱাহাটী লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ তেওঁ প্ৰচাৰ চলোৱা বুলিও জানিবলৈ দিয়ে।

Your Comments