গুৱাহাটী,ধুবুৰীত কাইলৈ 'কোটিপতিৰ যুঁজ'

queen

তপন বৰগোঁহাই

অসমৰ ১৪টা লোকসভা সমষ্টিত এইবাৰ মুঠ ১৪৫ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।মঙলবাৰে ৰাজ্যৰ চাৰিটা সমষ্টিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হ'ব ।এই নিৰ্বাচন এটা দিশত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।কাৰণ তৃতীয় পৰ্যায়ৰ চাৰিটা সমষ্টিৰ নিৰ্বাচনত উক্ত ১৪৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত সবাতোকৈ ধনৱন্ত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানত থকা তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ।ajmal

অসমৰ ১৪৫গৰাকী প্ৰাৰ্থীৰ ভিতৰত ধনৱন্তৰ ফালৰ পৰা প্ৰথম স্থানত থকা প্ৰাৰ্থীগৰাকী হৈছে  ধুবুৰীৰ সাংসদ তথা এআইইউডিএফৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমল।নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি তেওঁৰ মুঠ সম্পত্তি হৈছে ৭৮কোটি ৮০লাখ টকা। দ্বিতীয় স্থানত আছে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা।মনোনয়নপত্ৰৰ লগত প্ৰাৰ্থীগৰাকীয়ে দিয়া তথ্য অনুসৰি তেওঁৰ মুঠ সম্পত্তি হৈছে ৬৩কোটি ২লাখ টকা।তৃতীয় স্থান দখল কৰা প্ৰাৰ্থীগৰাকী হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জোনমণি দেৱী খাউণ্ড।প্ৰাৰ্থীগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৪ কোটি ৪২লাখ টকা।jonmani

আনহাতে এই তৃতীয় পৰ্যায়ৰ চাৰিটা সমষ্টিৰ ৫৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মুঠ ১২ গৰাকী প্ৰাৰ্থী কোটিপতি।আনহাতে, এই চাৰি সমষ্টিৰ নিৰ্বাচনত দৰিদ্ৰ প্ৰাৰ্থীগৰাকী হৈছে ভাৰতীয় ৰাষ্টীয় জনতা দলৰ নিপেন দাস।তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৬০  হাজাৰ টকা।

এই কথা জানিবলৈ দিছে 'এছোচিয়েচন অব্  ডেম'ক্ৰেটিকছ ৰিফ'ৰ্ম' চমুকৈ এডিআৰে।

Your Comments