বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা
বিটিএডিৰ চিৰাং জিলাত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰণাস্ত্ৰসহ এগৰাকী দুৰ্ধৰ্ষ মহিলা এনডিএফবি কেডাৰ সেনা - আৰক্ষীৰ জালত পৰিছে । সেনাৰ সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে,এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত বামুণগাঁৱত যোৱা নিশা সেনা-আৰক্ষীৰ যৌথ অভিযানত সাগৰিকা বসুমতাৰী ওৰফে বি সুজুমা নামৰ সংবিজিতপন্থী এনডিএফবিৰ মহিলা কেডাৰগৰাকীক আটক কৰে।
সেনা - আৰক্ষীৰ উপস্থিতিৰ উমান পাই মহিলা উগ্ৰপন্থীগৰাকীয়ে দৌৰি পলাবলৈ চেষ্টা কৰে যদিও অভিযানকাৰী দলটোত থকা মহিলা আৰক্ষীয়ে তৎপৰতাৰে সাগৰিকাক কৰায়ত্ত্ব কৰে। আটকাধীন মহিলা এনডিএফবি কেডাৰগৰাকীৰ পৰা অভিযানকাৰী দলটোৱে ১ টা বিদেশত নিৰ্মিত পিষ্টল , ১ টা মেগজিন আৰু ৩ জাঁই সজীৱ গুলী জব্দ কৰিছে ।
এনডিএফবিৰ ম্যানমাৰ শিবিৰত ৪২ নং বেটচত প্ৰশিক্ষণপ্ৰাপ্ত দুৰ্ধৰ্ষ উগ্ৰপন্থী সাগৰিকা বসুমতাৰীয়ে সংগঠনটোত লেন্স কৰ্পোৰেল পৰ্যায়ৰ কেডাৰ আছিল । এই গৰাকী দুৰ্ধৰ্ষ কেডাৰ যোৱা ২০১৫ চনৰ পৰাই সেনা - আৰক্ষীৰ মষ্ট ৱান্টেড আছিল । নিৰ্বাচনী ব্যস্ততাৰ মাজতে চিৰাং জিলাত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যেৰে মহিলা কেডাৰগৰাকী জিলাখনত প্ৰৱেশ কৰিছিল বুলি সেনাৰ সূত্ৰটোৱে সদৰী কৰে ।
উল্লেখ্য যে ৰাজ্যখনৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্ব্বাচনৰ ভোটগ্ৰহণলৈ মাত্ৰ তিনিদিন বাকী থকা অৱস্থাত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এনডিএফবিৰ দুৰ্ধৰ্ষ মহিলা কেডাৰ গ্ৰেপ্তাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
- Log in to post comments
- 24 views