গোসাঁইগাঁওৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন :
২৩ এপ্ৰিলত হবলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত বি, পি, এফ দলে ১০০% শতাংশই জয়ী হোৱাটা খাটাং বুলি আজি বমৰবিলত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰাৰ লগতে ২০২০ চনৰ নিৰ্বাচনতো বি পি এফ দলে চৰকাৰ গঠন কৰাতো নিশ্চিত বুলি জনায়। আজি ১২ বাজি ১৬ মিনিটত কৰা এই মন্তব্য লিখি ৰাখিবলৈ মহিলাৰীয়ে ভোমৰবিল অঞ্চলবাসীক আহ্বানো জনায় |
উল্লেখ যে সভাখনত আমছুৰ প্ৰাক্তন উপদেষ্টা আনোৱাৰ হুছেইন লগতে ৫০ জনৰো অধিক লোকে বি পি এফ দলত যোগদান কৰে। বিৰোধী দল ইউ, পি, পি এলৰ লগত মিত্ৰতা কৰা এ, আই, ইউ, ডি, এফ দলে কৰা মিত্ৰতাক কটাক্ষ কৰি কয় যে তেওঁলোকৰ জয় হোৱাৰ সপোন কেতিয়াও বাস্তৱত পৰিণত নহব | দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ কেইদিনমান বাকী থকা অৱস্থাত ১ টকাত প্রদান কৰা চাউল ৫০ পইচাতে যাতে ৰাইজে লাভ কৰিব পাৰে তাৰ চিন্তা কৰি থকা বুলি তেওঁ কোৱাৰ লগতে অনাগত দিনত ৰাইজে আৰু বহু সুযোগ লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে |
- Log in to post comments
- 34 views