লামডিংৰ পৰা মনোজ পাঠকৰ প্ৰতিবেদন :
১০ নং নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদূৎ বৰদলৈয়ে শুকুৰবাৰে এখন নিৰ্বাচনী সভাত প্ৰায় এক ঘন্টা সময় নিখুঁত বাংলা ভাষাত নিজৰ বক্তব্যৰে মুগ্ধ কৰি ৰাখে লামডিংবাসীক।
অসমৰ চৰকাৰ তথা সৰ্বানন্দ সোনোৱালক বাঙালী সম্প্ৰদায়ৰ বিৰোধী বুলি মন্তব্য কৰে। নাগৰিকত্ব বিল গৃহীত হলে বঙালীলোক সকল অসমীয়াৰ চিৰ শত্ৰু হব বুলি কয় । ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে অসমত থকা সকলো হিন্দু বাঙালীয়েই একো একোজন খাটি অসমীয়া সেয়ে তেওঁলোকৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কোনো প্ৰয়োজন নাই।
কংগ্ৰেছ দলৰ চৰকাৰ হলে ভাৰত তথা অসমত পুনৰ শান্তি সম্প্ৰীতি পুনৰ ঘুৰি আহিব বুলিও তেওঁ এক তাৎপৰ্য মন্তব্য কৰে। ইফালে
বি,জে,পিৰ ৰ্দূগত আজি অনুষ্ঠিত সভাত জনসমুদ্ৰ দেখি উৎফুল্লিত প্ৰদূৎ বৰদলৈ।
সভাৰ শেষত লামডিংৰ ভৈৰব মন্দিৰ, কামাখ্যা মন্দিৰত আশিষ মাগি সেৱা লয় বৰলৈয়ে
- Log in to post comments
- 9 views