লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
নগাঁও সংসদীয় সমষ্টিৰ লাহৰীঘাটত এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। উত্তৰ পূৰ্বাঞ্চল জনতা(চেকুলাৰ) পাৰ্টিৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী আজগৰ আলীয়ে লাহৰীঘাটৰ ৰজাগাধোৱা তিনিআলিত কণ-কণ ল'ৰা-ছোৱালীক নিজ হাতেৰে ক্ষীৰ-খিচিৰী খুৱাই নিৰ্বাচনী প্ৰচাৰৰ লগতে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে।
নগাঁও সংসদীয় সমষ্টিত কংগ্ৰেছ, বিজেপিৰ মাজত তুমুল ৰাজনৈতিক বাকযুদ্ধ চলি থকাৰ সময়তে উত্তৰ পূৰ্বাঞ্চল জনতা(চেকুলাৰ) পাৰ্টিৰ প্ৰাৰ্থী আজগৰ আলীয়ে অসমত গেলা-পচা ৰাজনীতি পৰিহাৰ কৰি নতুন ৰাজনৈতিক বাতাৱৰণ সৃষ্টি কৰিব লাগে বুলি ভোটাৰ ৰাইজক আহ্বান জনায়।
লগতে ১০ নং নগাঁও লোকসভা সমষ্টিৰ পৰা তেওঁ বিপুল ভোটত জয়ী হ'ব বুলি আশা প্ৰকাশ কৰে। অৱশ্যে প্ৰাৰ্থীগৰাকীৰ এনে ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ কিমানদূৰ সফল হ'ব,সেয়া সময়তহে স্পষ্ট হ'ব।
- Log in to post comments
- 16 views