অভিজিৎ তালুকদাৰ,তামুলপুৰ,১৩এপ্ৰিল
নাঙলে ট্ৰেক্টৰক একো পাত্তা নাপাই।আমি সমাগত লোকসভা নিৰ্বাচনত ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ী হোৱাটো নিশ্চিত । মাত্ৰ ফলাফললৈহে বাকী আছে। এই ভাষ্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৰ। আজি ৰামেচুবুৰী বজাৰত ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খা গৌৰা ব্ৰহ্মৰ সমৰ্থনত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে হাগ্ৰামা আৰু নৱ কুমাৰ শৰণীয়াৰ উন্নয়নৰ কোনো নতুন আঁচনিয়ে নাই। সেইবাবে তেওঁলোকে নিৰ্ব্বাচনী সভাত মোৰ বিৰুদ্ধে আবোল- তাবোল বকিবলৈ আৰম্ভ কৰিছে। বড়ো -অনাবড়োৰ মাজত ভাগ ভাগ কৰাতকৈ তেওঁলোকে ইমান বছৰে কি কৰিলে তাৰ হিচাপ ৰাইজক দিয়ক। হাগ্ৰামাই ৰামদেৱক বি টি চিৰ মাটি দিছে কিন্তু বি টি চি ৰ কিমান মানুহৰ মাটি নাই তাৰ হিচাপ হাগ্নামাৰ হাতত নাই।
বি টি চিত এনে বহু মানুহ আছে যাৰ থাকিবলৈ এক কঠা মাটি নাই।বিটিচিত কোনো সংস্থাপন নাই।ফলত বিটিচিৰ নিবনুৱা যুৱক যুৱতী সকলে আজি বহিঃ ৰাজ্যত গৈ চকিদাৰী কৰিব লগা হৈছে। দুখীয়া মানুহৰ বাবে আজি সোতৰ বছৰে হাগ্ৰামাই কোনো ধৰণৰ আঁচনিয়ে লোৱা নাই। ইফালে নৱ কুমাৰ শৰণীয়া ডাঙৰীয়াই বিগত পাঁচ বছৰত কোকৰাঝাৰ লোক সভা সমষ্টিৰ ৰাইজৰ বাবে কি কৰিলে। বি টি চিৰ পৰা অবড়ো গাঁও কৰ্তন, বি টি চি চুক্তি বাতিল এইবোৰ অসাংবিধানিক কথাবোৰ কৈয়ে সময়বোৰ পাৰ কৰিলে।
সাংসদ পূঁজিৰ ২৫ কোটি টকা সাংসদ গৰাকীয়ে ক'ত খৰচ কৰিলে বুলিও সাংসদ গৰাকীক তেঁও প্ৰশ্ন কৰে। ইফালে হাগ্ৰামা এণ্ড কোম্পানীয়ে বি টি চি লৈ অহা পাঁচ হাজাৰ কোটি টকাৰ সিংহ ভাগ তেওঁৱে হজম কৰিলে। হাগ্ৰামাক আমি ১৭ বছৰে চালো। এতিয়া আমি বি টি চি চৰকাৰ সলনি কৰিব লাগিব। আপোনালোকৰ হাতত ডাঙৰ শক্তি আছে সেই শক্তি হল ভোট । আপোনালোকৰ বহুমুলীয়া ভোটেৰে চৰকাৰ সলনি কৰিব পাৰিব। সেয়ে এইবাৰ টেক্টৰ ছবিত ভোট দি ইউজি ব্ৰহ্মক জিকাবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায়। তামুলপুৰ আঞ্চলিক এবছুৰ উপদেষ্টা জিতেন মছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভা খনত ২৮নং গয়বাৰী ব্লক নিৰ্বাচনী সমিতিৰ উপদেষ্টা সন্ত ৰাম ব্ৰহ্মও ভাষণ দিয়ে। আজিৰ এই নিৰ্বাচনী সভাত, ইউপিএলৰ নেতা বাণী কান্ত বসুমতাৰী,ইউপিপিএলৰ তামুলপুৰ জিলা মহিলা মৰ্ছাৰ সভানেত্ৰী কুঞ্জ বসুমতাৰী তামুলপুৰ জিলা ইউপিপি এলৰ মহিলা মৰ্ছাৰ সম্পাদিকা মাধৱী স্বৰ্গীয়াৰীকে ধৰি প্ৰায় সহস্ৰাধিক পুৰুষ-মহিলা উপস্থিত থাকে
- Log in to post comments
- 8 views