অসমত থকা সকলো হিন্দু বাঙালী এশ শতাংশ শুদ্ধ অসমীয়া,তেওঁলোকক 'কেব'ৰ  প্ৰয়োজন নাই:প্ৰদ্যুৎ বৰদলৈ

bor1

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

 

১০ নং নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে প্ৰায় এঘন্টা সময় নিখুঁত বাংলা ভাষাত বক্তব্য প্ৰদান কৰি মুগ্ধ কৰে  লামডিংবাসীক।

ভাষণপ্ৰসংগত তেওঁ অসমৰ চৰকাৰ তথা সৰ্বানন্দ সোণোৱালক বাঙালী বিৰোধী আখ্যা দিয়ে।নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে বাঙালীসকল অসমীয়াৰ চিৰবৈৰী হ'ব  বুলি তেওঁ কয়।লগতে কয় যে  অসমত থকা সকলো হিন্দু বাঙালী এশ শতাংশ শুদ্ধ অসমীয়া। তেওঁলোকৰ 'কেব'ৰ কোনো প্ৰয়োজন নাই।কংগ্ৰেছ দলৰ চৰকাৰ হ'লে ভাৰত তথা অসমলৈ পুনৰ শান্তি-সম্প্ৰীতি ঘূৰি আহিব। 

বিজেপিৰ দুৰ্গত জনসমুদ্ৰ দেখি উৎফুল্লিত হৈ পৰে প্ৰদ্যুৎ বৰদলৈ।সভাৰ শেষত লামডিঙৰ ভৈৰৱ মন্দিৰ, কামাখ্যা মন্দিৰত আশিষ বিচাৰি সেৱা কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

Your Comments