কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ :
বৃহস্পতিবাৰে দেশৰ ৯১ টা সমষ্টিৰ লগতে অসমৰ পাঁচটা সমষ্টিৰ বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যায়। অসমৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা সমষ্টি ক্ৰমে শিৱসাগৰ, আমগুৰি আৰু থাওৰা বিধান সভা সমষ্টিত ব্যাপক হাৰত ৰাইজে ভোটদান কৰে। তিনিটা সমষ্টিত মুঠ ভোটাৰ ৩,৭৭,৬৪৬ জনৰ ভিতৰত ২,৯৬,৩২৯ জনে ভোটদান সাব্যস্ত কৰে। ভোটদানৰ শতকৰা হাৰ ৭৮.৪৭ শতাংশ।
তিনিওটা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটদান থাওৰা বিধান সভা সমষ্টিত হয়। থাওৰা সমষ্টিত ১,০৯,৫৯০ গৰাকী ভোটাৰৰ বিপৰীতে ৮৮৭৬৭ গৰাকী ভোটাৰে ভোটদান কৰে। ভোট দানৰ হাৰ ৮১ শতাংশ। দ্বিতীয় স্থানত আছে শিৱসাগৰ বিধান সভা সমষ্টি। সমষ্টিটোত মুঠ ভোটাৰ ১,৪৮,২২৬ গৰাকী। ভোটদান সাব্যস্ত কৰে ১,১৫,৯০৭ গৰাকীয়ে। ভোটদানৰ হাৰ ৭৮.২০ শতাংশ। আনহাতে আমগুৰি বিধান সভা সমষ্টিত মুঠ ভোটাৰ ১,১৯,৮৩০ গৰাকীৰ বিপৰীতে ভোটদান সাব্যস্ত কৰে ৯১৬৫৫ গৰাকী ভোটাৰে। ভোটদানৰ হাৰ ৭৬.৪৯ শতাংশ।
উল্লেখ্য যে থাওৰা আৰু আমগুৰি সমষ্টিত পুৰুষত কৈ মহিলা ভোটাৰৰ সংখ্যা সৰ্বাধিক হোৱা পৰিলক্ষিত হয়।পুৱাৰে পৰা ভোট কেন্দ্ৰ সমুহত মহিলাৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল। কোলাত কেচুৱা লৈও মহিলাই দীঘলীয়া শাৰী পাতি ভোটদান কৰা দেখিবলৈ পোৱা গৈছিল। শিৱসাগৰ জিলা প্ৰশাসনেও ৰাইজক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আৰু ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছিল।
যোৰহাট লোকসভা সমষ্টিটোত এইবাৰ আঠগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। দুই এটা সৰুসুৰা বিক্ষিপ্ত ঘটনৰ বাহিৰে জিলাখনত শান্তিপূৰ্ণ ভাৱে ভোটদান সম্পন্ন হয়। শিৱসাগৰত এইবাৰ ছটা ভোটকেন্দ্ৰ সম্পূৰ্ণ ৰূপে মহিলাই পৰিচালনা কৰাৰ লগতে ৪০ টা কেন্দ্ৰ চিচিটিভিৰ জৰিয়তে অনলাইন চোৱাৰ ব্যৱস্থা কৰা হৈছিল।
- Log in to post comments
- 25 views