১৪ এপ্ৰিলত শিলচৰত প্রিয়ংকা গান্ধীৰ ৰোড শ্ব'

12

শিলচৰৰ পৰা বিক্ৰম দাস


নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা ১৪ এপ্ৰিলত বৰাক উপত্যকালৈ আহিব কংগ্ৰেছ নেত্ৰী প্রিয়ংকা গান্ধী।উক্ত দিনা শিলচৰ সমষ্টিৰ কংগ্রেছ প্রার্থী সুস্মিতা দেৱৰ সমৰ্থনত  এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব প্রিয়ংকা গান্ধীয়ে । গান্ধীৰ ৰোড শ্ব’ ৰংপুৰৰ পৰা আৰম্ভ হৈ শিলচৰ চহৰৰ প্রধান পথত অনুষ্ঠিত হ'ব । দলীয় নেত্রীৰ ৰোড শ্ব’ক সফল কৰি তুলিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে কাছাৰ কংগ্রেছে ।

ইতিমধ্যে বিগত ৯ এপ্রিলত বৰাকৰ কংগ্ৰেছ প্রার্থীসকলৰ প্রচাৰ সভাত অংশগ্ৰহণ কৰি গৈছে কংগ্রেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।ইফালে,দুদিনৰ পৰা বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলত প্রচাৰ চলাইছে প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জীৰ কন্যা শর্মিষ্ঠা মুখাৰ্জীয়ে।

Your Comments