কাছাৰ জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক চিৰাজুল আলম লস্কৰৰ বিজেপিত যোগদান বিজেপিত

1

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :
আজি কাছাৰ জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক চিৰাজুল আলম লস্কৰ(শ্বাহীন)য়ে যোগ দিয়ে বিজেপিত  
সুস্মিতাদেৱৰ সংখ্যালঘু বিৰোধী মনোভাৱৰ প্রতিবাদত দল এৰাৰ কথা ঘোষণা কৰে শ্বাহীনৰ। বিজেপিত যোগদান কৰিয়েই 
চিৰাজুলে অভিযোগ কৰি কয় আমাৰ সম্প্ৰদায়ে উপযুক্ত সম্মান নাপালে আমি কিয় কংগ্রেছত থাকিম  বুলিও প্রশ্ন তোলে । আজি শিলচৰত অনুষ্ঠিত এক সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ হাতত ধৰি গেৰুৱা দলটোত যোগ দিয়ে শ্বাহীনে। সুস্মিতা দেৱৰ বাংলাদেশী প্রীতিৰ প্রতিবাদ কৰাৰ ফলতেই দলত এলাগী হোৱাৰ প্ৰসংগয়ো উত্থাপন কৰে শ্বাহীনে।
সুস্মিতাৰ পৰিয়ালতান্ত্রিক ৰাজনীতিৰ বিৰোধীতা কৰা বাবেই সুস্মিতাই তেওঁক শত্ৰু জ্ঞান কৰা বুলিও  অভিযোগ কৰে শ্বাহীনে।

Your Comments