এই নিৰ্বাচন দেশক সুৰক্ষিত ৰখাৰ নিৰ্বাচন:শিলচৰত নৰেন্দ্ৰ মোডী

1

শিলচৰৰ পৰা বিক্ৰম দাস

আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিমগঞ্জ আৰু  শিলচৰ লোকসভা সমষ্টিৰ বিজেপি প্রার্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়। আজি বিয়লি শিলচৰৰ ৰামনগৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এই নির্বাচন দেশক সুৰক্ষিত ৰখাৰ নির্বাচন । ১৩০ কোটি জনগণৰ বিকাশ হ'ব নে  এটা  পৰিয়ালৰ  বিকাশ হ'ব,সেইটো নিৰ্ণয় কৰিব এই নির্বাচনে । ২০২২ চন  পর্যন্ত দেশৰ  দৰিদ্র শ্রেণীৰ লোকক পকী ঘৰ দিয়া হ'ব। কোনো গৰীব লোক যাতে বাদ নপৰে,সেইটো নিৰ্ণয় কৰিব এই নির্বাচনে ।2 


সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে  ভাষণ প্ৰদান কৰি বিজেপিৰ শাসনকালত বৰাক উপত্যকাৰ সৰ্বদিশত উন্নয়ন সাধন হোৱা বুলি উল্লেখ কৰে। 


সভাত বিজেপিৰ অসমৰ  প্রভাৰী মহেন্দ্র সিং, শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্য, বনমন্ত্রী পৰিমল শুক্লবৈদ্য, প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থ, শিলচৰৰ প্রার্থী ৰাজদীপ ৰায়, কৰিমগঞ্জৰ প্রার্থী কৃপানাথ মাল্লা উপস্থিত আছিল।

Your Comments