বিশ্বনাথত  সাপ্তাহিক বজাৰত জিলা প্ৰশাসনৰ সজাগতা সভা 

বিশ্বনাথত  সাপ্তাহিক বজাৰত জিলা প্ৰশাসনৰ সজাগতা সভা 

NEWS ASN@বিশ্বনাথ চাৰিআলি, ১০ জুনঃ বিশ্বনাথকে ধৰি ৰাজ্যৰ কেতবোৰ অঞ্চলত যোৱা কিছুদিন ধৰি সোপাধৰা আৰু ডাইনীৰ সন্দেহত প্ৰচাৰিত অপপ্ৰচাৰ তথা উৰাবাতৰিৰ ফলত সৃষ্ট অপ্ৰীতিকৰ ঘটনা আৰু আতংকময় পৰিস্থিতি সন্দৰ্ভত বিশ্বনাথ চাৰিআলিৰ সাপ্তাহিক বজাৰ প্ৰাংগণত আজি এক সজাগতা সভাৰ আয়োজন কৰা হয়। স্থানীয় মধুপুৰ গাঁৱৰ জ্যেষ্ঠ নাগৰিক সুৰেন্দ্ৰনাথ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, মহিলা সমিতিকে ধৰি স্থানীয় বহুসংখ্যক লোক উপস্থিত থাকি বিষয়টো সন্দৰ্ভত বিস্তৃত  আলোচনা কৰে। সভাখনত বিশ্বনাথ আৰু কাৰ্বি আংলঙত শেহতীয়াকৈ সংঘটিত অমানৱীয় ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰা হয়।  সোপাধৰা বা ডাইনী বুলি যে আচলতে একো নাই, ৰাইজক আতংকিত কৰাৰ বাবে এচাম সমাজবিৰোধী অপশক্তিৰ যে এইবোৰ পৰিকল্পিত অপপ্ৰচাৰহে, সেই বিষয়ে সভাত ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হয়। কাকো আইন হাতত তুলি নলবৰ বাবে আহ্বান জনোৱাৰ লগতে এনে যিকোনো প্ৰয়োজনতে আৰক্ষী অথবা প্ৰশাসনৰ সহায় লবৰ বাবে ৰাইজক গোহাৰি জনোৱা হয়। উৰাবাতৰি আৰু অপপ্ৰচাৰ বিয়পোৱাসকলৰ লগতে এইবোৰত ভোল গৈ আইন হাতত তুলি লোৱাসকলকো আইনে কেতিয়াও ৰেহাই নিদিয়ে আৰু এনে নিকৃষ্ট মানসিকতাৰ লোকক কঠোৰ শাস্তি বিহা হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা সদৰী কৰা হয়। আৰু কিছুদিনৰ পাছতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পৰৱৰ্তী পৰিস্থিতি  সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। যিকোনো পৰিস্থিতিতে প্ৰশাসনৰ লগত সহযোগিতা ৰাখি অঞ্চলটোত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে বক্তাসকলে ৰাইজক আহ্বান জনায়। ৰাজহুৱা সজাগতা সভাখনত বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বিশ্বজিত শইকীয়া, জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰা, সাংবাদিক হেমন্ত শইকীয়া প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Your Comments