চছিয়েল মেডিয়াত উচটনিমুলক পোষ্টৰ বাবে আজি পুনৰ এজনক গ্ৰেপ্তাৰ মঙ্গলদৈত 

চছিয়েল মেডিয়াত উচটনিমুলক পোষ্টৰ বাবে আজি পুনৰ এজনক গ্ৰেপ্তাৰ মঙ্গলদৈত 

NEWS ASN@নিউজ ডেস্ক, দৰং ১১জুন :-  যোৱা ৮ জুনত কাৰ্বি আংলং ডকমকাৰ পানীজুৰিত সংঘটিত হোৱা নিসংশ হত্যা কাণ্ডৰ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে চছিয়েল মেডিয়াত উত্তেজিত পোষ্ট কৰি পুনৰ গ্ৰেপ্তাৰ হ'ল মঙ্গলদৈৰ যুৱক প্ৰাক্তন NSUI সভাপতি অঞ্জন ডেকা । অঞ্জন ডেকাৰ ঘৰ মঙ্গলদৈ ৰ ভেৱাৰঘাটত । চছিয়েল মেডিয়াত উত্তেজিত বাৰ্তা নিৰীক্ষণ কৰি  আছিল দৰং আৰক্ষীয়ে । আপত্তি জনক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে  অঞ্জন ডেকাক । দেওবাৰে চছিয়েল মেডিয়াত উত্তেজিত পোষ্ট দি গ্ৰেপ্তাৰ হৈছিল জিলাখনৰ দুজনকৈ যুৱক । ইপিনে দৰং জিলা প্ৰশাসনে এনে ধৰনৰ উত্তেজনামূলক  বাৰ্তা প্ৰেৰণ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো পক্ষকে  আহ্বান জনাইছে ।

Your Comments