গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
ডেৰ শতাধিক লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়া গোলাঘাটৰ সুৰা-কাণ্ডৰ তদন্ত পূৰ্ণগতিত চলি আছে। গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত গঠন হোৱা তদন্তকাৰী দলটোৰ তদন্তত আজি পুনৰ গ্ৰেপ্তাৰ হৈছে তিনিজনকৈ অভিযুক্ত। ইয়াৰ পূৰ্বে উক্ত ঘটনাৰ সৈতে জড়িত মুঠ ৩৪জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল গোলাঘাট আৰক্ষীয়ে। উল্লেখ্য যে তদন্তত স্পিৰিটৰ দৰে মাৰাত্মক ৰাসায়নিক দ্ৰব্য মিহলি কৰা তথ্য উদ্ঘাটন হৈছে যদিও ফৰেণচিক ফলাফল অহাৰ পিছতহে সকলো কথা স্পষ্ট হ'ব বুলি উল্লেখ কৰে তদন্তকাৰী দলটিয়ে।
আজি গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন হৈছে, আব্দুল কাচিম, সদানন্দ গগৈ আৰু ঘন গগৈ। ইফালে সুৰামুক্ত অসমৰ দাবীৰে প্ৰতিবাদ চলি থকাৰ মাজতে যোৱা বুধবাৰৰ পৰা অসম প্ৰকৃতি সুৰক্ষা দুৰ্নীতি নিবাৰণ সমিতিয়ে আৰম্ভ কৰা সুৰাবিৰোধী অবিৰত অনশন কাৰ্যসূচীত অংশ লোৱা দুজন সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটাত গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে।
- Log in to post comments
- 24 views