বাংলাদেশলৈ অসমৰ সাংবাদিকৰ দল : মাজ সাগৰত আবদ্ধ হৈ কথমপি প্ৰাণৰক্ষা 

বাংলাদেশলৈ অসমৰ সাংবাদিকৰ দল : মাজ সাগৰত আবদ্ধ হৈ কথমপি প্ৰাণৰক্ষা 

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

অসমৰ দহজনীয়া এটি সাংবাদিকৰ দল বাংলাদেশত। বঙ্গোপ সাগৰত আবদ্ধ সাংবাদিকৰ দলটো যোৱা জাহজখন।সৰ্বভাৰতীয় জাৰ্ণেলিষ্ট ইউনিয়নৰ তত্বাৱধানত অসমৰ এটি দহজনীয়া সাংবাদিকৰ দলে গুৱাহাটীৰ পৰা ডাউকী হৈ ইতিমধ্যে বাংলাদেশৰ ৰাজধানী চহৰত উপস্থিত হৈছে। অসমৰ বৰ্তমানৰ প্ৰেক্ষাপতত সাংবাদিকৰ দলটোৰ বাংলাদেশ ভ্ৰমণে এক বিশেষ তাৎপৰ্য বহন কৰিছে। বৰ্তমান দলটোৱে বাংলাদেশৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ লগতে বাংলাদেশৰ সাংবাদিকৰ লগত মত বিনিময় কৰাৰ লগতে বাংলাদেশ জাৰ্নেলিষ্ট ইউনিয়নে আয়োজন কৰা কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব বুলি জানিব পৰা গৈছে।

দলটোত অংশ লোৱা সাংবাদিকসকল হ'ল ক্ৰমে গীতাৰ্থ পাঠক, পলাশ ৰঞ্জন দাস, ধনজিত কুমাৰ দাস, গৌতম বৰা, গোলাপ শইকীয়া, কবিন গায়ন, হাজী আব্দুল হাই, ছহিদুল ইছলাম, ভূপেন দাস আৰু অসীম ভক্ত। অহ 8 ফেব্ৰুৱাৰী তাৰিখে অসমলৈ ঘূৰিবলগা সাংবাদিকৰ দলটো আজি বঙ্গোপ সাগৰত তেওঁলোকে যাত্ৰা কৰা  KEARI SINBAD   জাহাজখনৰ ইঞ্জিন বিয়লি প্ৰায় ৩ বাজি ১০ মিনিট (বাংলাদেশৰ সময় মতে)ত বিজুতি ঘটাত যাত্ৰীসকলৰ মাজত আতংকই বিৰাজ কৰে।

ততাতৈয়াকৈ জাহাজৰ লংগৰ পেলায় নাবিকে। ইফালে লাইভ জেকেট বিচাৰি যাত্ৰীসকলৰ মাজত হুৱাদুৱা লগে। জাহাজৰ বিজুতি ঘটাৰ খবৰ পাই  বাংলাদেশ কোষ্ট গাৰ্ডৰ লোকসকল লগতে জাহাজৰ ইঞ্জিনীয়াৰ আহি  ইঞ্জিনৰ মেৰামতি কৰাত ৪ বাজি ২০ মিনিটত মাজসাগৰৰ পৰা পুনৰ যাত্ৰা কৰে আৰু এই সময়খিনি আমাৰ জীৱনৰ আন এক অভিজ্ঞতা আৰু ভগৱানৰ কৃপাত আমি সুৰক্ষিত বুলি জাহজখনত যোৱা কলিয়াবৰৰ সাংবাদিক গোলাপ শইকীয়াই কয়।

Your Comments