বঙাইগাঁৱত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৰূপালী জয়ন্তী অধিৱেশনৰ সামৰণি

বঙাইগাঁৱত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৰূপালী জয়ন্তী অধিৱেশনৰ সামৰণি

"অসমৰ চৰকাৰখনে ৰাজ্যখনৰ সকলোৰে কাৰণে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে কোনো চিন্তাই নকৰে৷ ডঃ বি আৰ আম্বেদকাৰে প্ৰণয়ন কৰা ভাৰতীয় সংবিধানৰ ২৬নং অনুচ্ছেদত সকলোকে খাদ্যৰ অধিকাৰ দিয়া আছে৷ কিন্তু অসমত সুলভ মূল্যৰ দোকানৰ জৰিয়তে সকলোৱে খাদ্য সামগ্ৰী লাভ নকৰে৷ এইক্ষেত্ৰত অসম চৰকাৰৰ বহুতো ক্ৰুটি আছেষ৷" এই মন্তব্য সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰেচনৰ সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৰ৷

দেওবাৰে বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ অধিৱেশনৰ দ্বিতীয় তথা সামৰণিৰ দিনাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ এই মন্তব্য কৰে৷ বঙাইগাঁও জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অনুষ্ঠিত ৰূপালী জয়ন্তী অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকি ফেডাৰেচনৰ সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৱে কয়- 'ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অনুসৰি চহৰ অঞ্চলত ৫০ শতাংশ আৰু গ্ৰামাঞ্চলত ৭৫ শতাংশ লোকে আইনখনত উল্লেখ থকা অনুসৰি সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ খাদ্য সামগ্ৰী লাভ কৰে৷

বঙাইগাঁৱত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৰূপালী জয়ন্তী অধিৱেশনৰ সামৰণি

বাকী চহৰ অঞ্চলৰ আন ৫০ শতাংশ আৰু গ্ৰামাঞ্চলৰ ২৫ শতাংশ জনসাধাৰণৰ বাবে খাদ্য খামগ্ৰী আৱণ্টন তথা যোগান ধৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই৷ আনকি বৰ্তমানলৈকেও কোনো পৰিকল্পনা গ্ৰহণ কৰা নাই৷ বহু ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে আৱণ্টন দিয়াৰ উপৰি নিজাববীয়াকৈ ৰাজসাহায্য দি সকলোৰে বাবে খাদ্য আঁচনি প্ৰৱৰ্তন কৰিছে যদিও অসমত তেনে কোনো আঁচনি নাই৷ তাৰোপৰি অসমত যি ৩৮,৭৮৪খন ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ সুলভ মূল্যৰ দোকান আছে তেওঁলোকে চৰকাৰী আইন অনুসৰি প্ৰতি কুইণ্টলত অতি কমেও ১৪৩ টকাকৈ কমিছন পাব লাগে৷ কিন্তু চৰকাৰে দি আছে কেৱল ১০০ টকা ১০ পইচাহে৷ এইদৰে চৰকাৰে সুলভ মূল্যৰ ব্যৱসায়ীসকলক প্ৰতাৰণা কৰি আহিছে৷ অসমৰ চৰকাৰখনে আইনকো নামানে৷ মধ্যভোগীয়ে আমাৰ বিল বনাই ৪২ টকা ৯০ পইচাকৈ কাঢ়ি নিয়ে আৰু চৰকাৰে সেই মধ্যভোগীক লালন-পালন কৰি আছে৷

চৰকাৰে যাক লালন-পালন কৰে কৰি থাকক, তাত আমাৰ ক'বলগীয়া একো নাই৷ কিন্তু আমাৰ প্ৰাপ্য টকা কিয় কাঢ়ি নি আছে৷ এয়া মোৰ স্পষ্ট কথা৷ এনে প্ৰতাৰণামূলক কাম যি চৰকাৰে কৰে তাক মই বিৰোধিতা কৰো৷ এই চৰকাৰ প্ৰতাৰণামূলক চৰকাৰ৷ অসমৰ চৰকাৰ বেইমান চৰকাৰ, অসমৰ চৰকাৰ চোৰৰ চৰকাৰ, প্ৰতাৰকৰ চৰকাৰ৷ আমাৰ কমিছনৰ টকা কাঢ়ি খায়৷ ইয়াৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম৷' ইপিনে, সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ দাবী আৰু সমস্যামূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত কাৰ্যপন্থা গ্ৰহণ কৰিব বুলিও কয়৷

তেওঁ কয় যে আমাৰ সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী সন্থা আছে আৰু অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত ৰাষ্ট্ৰীয় সমিতিৰ বিশেষ কাৰ্যকৰী সভা আছে৷ সেই সভাতে আমি আমাৰ পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰিম৷ ইতিমধ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক জনাই দিয়া হৈছে যে যদিহে সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ দাবী পূৰণ কৰা নহয়, তেতিয়াহ'লে অহা ১ মাৰ্চৰ পৰা আমি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ খাদ্য সামগ্ৰী বিতৰণৰ বাবে দোকানত আনি মজুত নকৰাৰ লগতে ৰাইজক যোগান ধৰা কাৰ্য বন্ধ কৰি দিম৷ সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি বিষ্ণু দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সাধাৰণ সম্পাদক বসুৱে পুনৰ কয় যে বৰ্তমান ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অৱস্থা কি আপোনালোক সকলোৱে জানে৷

বঙাইগাঁৱত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৰূপালী জয়ন্তী অধিৱেশনৰ সামৰণি

প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত ৰাজহুৱা বিতৰণ ব্যৱস্থা প্ৰায় বন্ধ হৈ পৰিছিল৷ চৰকাৰী দোকানৰ মাধ্যমেৰে যি মূল্যত চাউল আৰু ঘেঁহু জনসাধাৰণক যোগান কৰা হৈছিল, তাতকৈ কম মূল্যত বজাৰত উপলব্ধ হোৱাত জনসাধাৰণে আমাৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় নকৰি বজাৰৰ পৰা ক্ৰয় কৰিছিল৷ যাৰফলত ৰাজহুৱা বিতৰণ ব্যৱস্থা শেষ হৈ গৈছিল৷ শেহতীয়াভাৱে বৰ্তমানৰ কেন্দ্ৰৰ চৰকাৰে চহৰ অঞ্চলৰ ৫০ শতাংশ আৰু গ্ৰামাঞ্চলৰ ২৫ শতাংশ সুলভ মূল্যৰ দোকানৰ কাৰ্ডধাৰী লোকক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ নামত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পৰা উলিয়াই দিছে৷ ইয়াৰ ফলত চৰকাৰে ভাৰতীয় সংবিধানে দেশবাসীক দিয়া খাদ্যৰ অধিকাৰ কাঢ়ি লৈছে৷

এই ব্যৱস্থাৰ ফলত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ লগত জড়িত ডীলাৰসকলৰ কাৰ্ডৰ সংখ্যা কমি গৈছে৷ তাৰোপৰি বহুকেইখন ৰাজ্যৰ চৰকাৰৰ লগতে অসম চৰকাৰেও ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ডীলাৰসকলে প্ৰতি কুইণ্টল খাদ্য সামগ্ৰীৰ বিপৰীতে যি ১৪৩ টকা কমিছন পাব লাগে তাৰ সলনি ১ টকা ১০ পইচাহে দি আছে৷ গতিকে চোৰ কোন, বেইমান কোন আৰু প্ৰতাৰক কোন বুলি প্ৰশ্ন কৰে৷ সেইদৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ড'ৰ ষ্টেপ ডেলিভাৰী (DOOR STEP DELEIVERY) ব্যৱস্থা কাৰ্যকৰী হ'ব লাগে যদিও এতিয়াও কৰা হোৱা নাই৷ চৰকাৰে নিজে আইন নামানে, কিন্তু যদি আমি আইন নামানো তেতিয়াহ'লে চৰকাৰে আমাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ লগতে টাৰ্মিনেচন, ছাচপেন্সন, কেঞ্চিলেচন আদি কাৰ্যব্যৱস্থা আমাৰ বিৰুদ্ধে গ্ৰহণ কৰা হয়৷ কিন্তু যিখন চৰকাৰে নিজে আইন নামানে সেই চৰকাৰখনক কোনে ছাচপেন্সচন কৰিব বুলিও ক্ষোভ উজাৰি কয় যে আজিও ভাৰতবাসী ভোকত মৰিবলগীয়া হৈছে৷

কৃষকে আত্মহত্যা কৰিবলগীয়া হৈছে৷ এতিয়া ৰাজহুৱা বিতৰণ ব্যৱস্থাকো চৰকাৰে এনে এটা পৰ্যায়লৈকে লৈ গৈ আছে যে হয়তো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ লগত জড়িত পৰিয়ালসকলেও আত্মহত্যা কৰিব লাগিব৷ কিন্তু মই জীয়াই থকালৈকে এয়া হ'বলৈ নিদিওঁ৷ আনহাতে, বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে চৰকাৰে বিচাৰে কেৰাচিনৰ বিতৰণ ব্যৱস্থা বন্ধ হওক৷ কেৰাচিনমুক্ত ভাৰত বনাব৷ ইয়াৰ সলনি উজ্বালা গেছ দিব৷ পেট্ৰ'ল পাম্পত বাহনত তেল ভৰাবলৈ গ'লে আপোনালোকে দেখিব যে তাত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হাঁহি থকা এখন ছবি দেখা পাব৷ লগতে দেখা পাব উজ্বালা লিখা আছে৷ দেশবাসীক বুৰ্বক বনোৱাৰ এটা ৰাস্তা উলিয়াইছে মোডীয়ে৷ কাৰণ ভাৰতবাসীক কিদৰে বুৰ্বক বনাব বিচাৰিছে চাওক৷ মাতৃ আৰু ভগ্নীসকলক এবাৰ বিনামূলীয়াকৈ গেছ প্ৰদান কৰিছে আৰু তেওঁলোকেও হাঁহি হাঁহি বিনামূলীয়াকৈ লাভ কৰা উজ্বালা গেছ ঘৰলৈ লৈ গৈছে৷

বঙাইগাঁৱত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৰূপালী জয়ন্তী অধিৱেশনৰ সামৰণি

কিন্তু যেতিয়া উজ্বালা শেষ হ'ব অৰ্থাৎ গেছ শেষ হ'ব তেতিয়া ক'ৰ পৰা জ্বলাব আৰু গেছ আনিবলৈ টকা ক'ত পাব বুলিও কয়৷ তেওঁ আৰু কয় যে এয়াই হৈছে সব কা সাথ, সব কা বিকাশ৷ মোৰ দেশ মহান, মোৰ চৰকাৰ মহান৷ সব কা সাথ, সব কা বিকাশ৷ কিন্তু সুলভ মূল্যৰ ব্যৱসায়ীসকল উদাস৷ সেয়ে চৰকাৰখনক হিলাই দিবলৈ আমাৰ হাতত আৰু মাত্ৰ কিছু দিনহে আছে৷ চৰকাৰখনক হিলাই দি আমাৰ পৰিয়ালসকলৰ বাবে কিছু আদায় কৰিব লাগে৷ যদি চৰকাখনক হিলাবলৈ নোৱাৰো তেতিয়াহ'লে পুনৰ পাঁচ বছৰ এই চৰকাৰখনে আমাক ওলোটাই হিলাব৷ আমাৰ দাবী মানি নল'লে উচিত শিক্ষা দিব লাগিব৷ তাৰবাবে অহাবাৰ এন ডি এ চৰকাৰক বিদায় দিব লাগিব৷ আমাৰ দাবী সমাধান কৰিলে আমি সহায় কৰিম৷

কিন্তু আমাৰ দাবী নামানিলে তথা ভুৱা আশ্বাস দিলে, প্ৰৱঞ্চনা কৰিলে সেই চৰকাৰক গাদীৰ পৰা খেদি পঠিয়াম৷ তাৰবাবে সময় সমাগত বুলিও কয়৷ সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ ডেকাই উদ্দেশ্য ব্যখ্যা কৰা মুকলি সভাত আদৰণী ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি নিত্যানন্দ চক্ৰৱৰ্তীয়ে৷ সভাত সাধাৰণ সম্পাদক হেমন্ত কুমাৰ ডেকাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে৷ একেদৰে সংবিধানৰ খচৰাও পাঠ কৰি দিয়ে বিষয়ববীয়াই৷ সভাত সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী ফেডাৰেচনৰ উপ-সভাপতি দেবেন বড়োৰ লগতে ৰাজ্যিক সমিতিৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে৷ ইপিনে, পুৱাৰ ভাগত ছহিদ তৰ্পণ আৰু মাল্যাৰ্পণ কাৰ্যসূচী মুকলি কৰে ছহিদ বাবুল কুমাৰ ব্ৰহ্মৰ সহধৰ্মিণী সবিতা ব্ৰহ্ম আৰু সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ উপদেষ্টা খবিৰ উদ্দিন আহমেদে৷

আনহাতে, শনিবাৰে সন্ধিয়া অনুষ্ঠিত প্ৰতিনিধি সভাত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ নতুন কাৰ্যকৰী সমিতিখন গঠন কৰা হয়৷ উল্লেখ্য যে বৰ্তমানৰ কাৰ্যকৰী সভাপতি মিত্ৰলাল খোৰেলক সভাপতি আৰু হেমন্ত কুমাৰ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১জনীয়া সমিতিখন গঠন কৰা হয়৷ হেমন্ত কুমাৰ ডেকা পুনৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়৷ অধিবেশনখন শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল৷ অধিৱেশনত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা তিনি সহস্ৰাধিক প্ৰতিনিধিয়ে অংশ লয়৷ অধিৱেশনত মূলতঃ সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ বিভিন্ন দাবী আৰু সমস্যাসমূহৰ ওপৰত আলোচনা হোৱাৰ লগতে বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰে৷

সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ ডেকাই কয় যে অধিবেশনৰ জৰিয়তে চৰকাৰক পৰোক্ষ ৰাজসাহায্যৰ ব্যৱস্থা অব্যাহত ৰখা, নিৰ্ধাৰিত কমিছনৰ ১৪৩ টকাৰ পৰা কৰ্তন কৰি ৰখা ৪২.৯০ টকা বকেয়া শীঘ্ৰে আদায় দিয়া, হিতাধিকাৰীসকলৰ বাবে চেনি যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা, ৰাজসাহায্যযুক্ত কেৰচিন তেলৰ যোগান অব্যাহত ৰখা, নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী নিম্নতম সমৰ্থন মূল্যত সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰাইজক যোগান ধৰাৰ সু-ব্যৱস্থা গ্ৰহণ কৰা, সুলভ মূল্যৰ দোকানীসকলৰ বাবে মাহিলি উপাৰ্জনৰ আয় ৩০ হাজাৰ টকাকৈ নিশ্চয়তা কৰা আদিৰ দাবী জনোৱা হয়৷

Your Comments