পাঠদান আৰম্ভৰ ৭ মাহ পিছত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন : আছুৰ প্ৰতিক্ৰিয়া

পাঠদান আৰম্ভৰ ৭ মাহ পিছত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভাৰম্ভণি : আছুৰ প্ৰতিক্ৰিয়া

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

২০১৮ চনৰ ২০ আগষ্টৰ পৰা পাঠদান আৰম্ভ হোৱা গোলাঘাট বগৰীজেঙস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠানক লৈ গোলাঘাটত চলিছে সৰৱ আলোচনা। ইফালে মঙলবাৰে মুখ্য মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে উন্মোচন কৰিবলৈ অহা মহাবিদ্যালয়খনি ২০১২ চনতে নিৰ্মাণকাৰ্য আৰম্ভ কৰি আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠা আৰু তিনি বিভাগেৰে মুঠ ৯২গৰাকী ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ হোৱা মহাবিদ্যালয়খনিত ইতিমধ্যে প্ৰথম ষাণ্মাসিকৰ ফলাফল ঘোষণা হোৱাৰ লগতে দ্বিতীয় ষাণ্মাসিকৰ পাঠ্যক্ৰম চলি আছে। তেনে সময়ত এই অনুষ্ঠানত গোলাঘাট জিলা ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ উজাৰি আজি জিলা কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে।

মহাবিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিয়াত মন নিদিয়া ৰাজ্য চৰকাৰে কেৱল অস্থায়ী অধ্যক্ষ, ১০গৰাকী অতিথি শিক্ষক, প্ৰিণ্স অব্‌ ৱেলচ্ কাৰিকৰী প্ৰতিষ্ঠান, যোৰহাটৰ এগৰাকী জুনিয়ৰ প্ৰশিক্ষক, ৰেচিডেন্সিয়েল গাৰ্লছ পলিটেকনিকৰ পৰা অনা কাৰ্যালয় সহায়কৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠানে যোগান ধৰা ২৪জন অস্থায়ী কৰ্মচাৰীয়ে চলাই থকাৰ অভিযোগ তোলে ছাত্ৰ সংগঠনটোৱে। কেৱল ভোটৰ অংকৰে এনেধৰণৰ কাম কৰাৰো অভিযোগ আনে সংগঠনটিয়ে। ইতিমধ্যে সমগ্ৰ অসমজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়ত আৰু ক'লা ধ্বজাৰ আতংকত মহাবিদ্যালয় চৌহদত হেলিপেড নিৰ্মাণ কৰাক লৈও সৰৱ চৰ্চা চলিছে।

Your Comments