এন আৰ চি সম্পৰ্কত অখিল গগৈৰ সংবাদমেল

এন আৰ চি সম্পৰ্কত অখিল গগৈৰ সংবাদমেল

 এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পিছত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলখনত কৃষক মুক্তিৰ সভাপতি অখিল গগৈ য়ে কয়- "ব্যাপক জল্পনা-কল্পনা, ষড়যন্ত্ৰৰ পাছত অসমৰ ৰাইজে দ্বিতীয় পূৰ্ণাংগ খচৰাখন গ্ৰহণ কৰিলে। এয়া অতি ভাল কথা যে অসমৰ ৰাইজে কোনোধৰণৰ প্ৰতিবাদ নকৰাকৈ, কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰাকৈ এই খচৰাখন গ্ৰহণ কৰিছে৷

ইয়াৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ৰাইজক আদৰণি জনাইছে। লগতে এনে কাৰ্য নকৰি এইটো প্ৰমাণ কৰিলে যে অসমত সকলোৱে এখন বিদেশীমুক্ত অসম বিচাৰে৷অখিল গগৈয়ে কয় যে তেওঁ এই পূৰ্ণাংগ খচৰা প্ৰকাশ পোৱাৰ বাবে ১০০ শতাংশ কৃতিত্ব উচ্চতম ন্যায়ালয়ক দিব খোজে। কাৰণ উচ্চতম ন্যায়ালয়ৰ বাবেহে অসমৰ চূড়ান্ত খচৰাখন প্ৰকাশ কৰা হ'ল।

দ্বিতীয়তে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈক অসমবাসীৰ হৈ কৃতজ্ঞতা প্ৰদান কৰে। আনহাতে, উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ সন্দৰ্ভত অভিযোগ কৰাৰ বাবে অভিজিৎ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। লগতে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত যি এন আৰ চি প্ৰকাশ কৰিলে তাৰবাবে অসমৰ এন আৰ চিৰ বিষয়া-কৰ্মচাৰীৰ উপৰি সদৌ অসম ছাত্ৰ সন্থাকো তেওঁ ধন্যবাদ জনায়।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত শৰ্মাই এই খচৰা প্ৰকাশ পালে এক ডাঙৰ ভুমিকম্প হ'ব বুলি যি অপপ্ৰচাৰ কৰিছিল তাৰ পিছতো অসমৰ ৰাইজে কোনো হিংসাত্মক কাৰ্য নকৰাৰ বাবে অসমৰ ৰাইজক সংবাদমেলখনৰ জৰিয়তে অখিল গগৈ য়ে অভিনন্দ জনায়।

উল্লেখ্য যে যিসকল ১৯৭১ চনৰ আগতে অহা নাগৰিকৰ নাম বাদ পৰিছে তেওঁলোকৰ বাবে মঙলবাৰে পুৱা ৯ বজাৰ পৰা এখন জৰুৰী যুটীয়া কাৰ্যনিৰ্বাহক সভাৰ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই সভাত নাম বাদ পৰা  ভাৰতীয়ই তেওঁলোকৰ নাম আনিবৰ বাবে আবেদন কৰিব পাৰিব বুলিও অখিল গগৈয়ে সংবাদমেলযোগে জানিবলৈ দিয়ে।

Your Comments