মাজুলীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী ঘোষণা

মাজুলীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী ঘোষণা

অহা ২১ জানুৱাৰীত অনুষ্ঠিত হ'বলগা মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে আজি মাজুলীৰ তিনিওটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। কংগ্ৰেছ দলৰ নেতা অধীন শইকীয়াই জনোৱা মতে, আসন্ন মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৩০নং চাংগা মাজুলী সমষ্টিত ৰঞ্জন পেগু, ৩১নং ফুলনি জকাইবোৱা সমষ্টিত কমলালক্ষী পগাগ আৰু ৩২নং ৰাদাং ৰিক্কং সমষ্টিত শুৱন দলেক প্ৰাৰ্থিত্ব আগবঢ়াইছে।

অসম গণ পৰিষদ দলৰ পৰা ৩০নং চাংগা মাজুলী সমষ্টিত কেট্ৰনাথ দলে, ৩১নং ফুলনি জকাইবোৱা সমষ্টিত গীতামণি নৰহ আৰু ৩২নং ৰাদাং ৰিক্কং সমষ্টিত লক্ষীন্ধৰ দলেক প্ৰাৰ্থিত্ব আগবঢ়োৱা বুলি অগপৰ মাজুলী জিলা সমিতিৰ সভাপতি ফণীধৰ টাহুৱে জানিবলৈ দিছে। ইপিনে শাসকীয় বিজেপি আৰু গণশক্তি দলেই মিত্ৰজোঁটৰ হৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব। মাজুলীৰ তিনিটা সমষ্টিৰ ভিতৰত ৩০নং চাংগা মাজুলী আৰু ৩১নং ফুলনি জকাইবোৱা সমষ্টিত গণশক্তিয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ লগতে ৩২নং ৰাদাং ৰিক্কং সমষ্টিত বিজেপি দলে প্ৰাৰ্থী আগবঢ়াইছে।

সেইমতে ৩০নং চাংগা মাজুলীত যোৱাটো কাৰ্যকালৰ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য নীলকান্ত দলেলৈ পুনৰ গণশক্তি দলে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ৩১নং ফুলনি জকাইবোৱা সমষ্টিত পূৰ্বৰ জনপ্ৰতিনিধি ববিতা নৰহ আৰু ত্ৰৈলোক্য পামেগামৰ মাজত আলোচনা চলি আছে যদিও চূড়ান্ত হোৱা নাই। ইপিনে ৩২নং ৰাদাং ৰিক্কং সমষ্টিত নতুনকৈ বিজেপি দলত যোগদান কৰা নৃপেন কামানক প্ৰাৰ্থিত্ব আগবঢ়োৱা বুলি এছ টি মৰ্চাৰ মাজুলী জিলা সমিতিৰ উপ-সভাপতি ৰমেন ৰেগনে জানিবলৈ দিছে।

Your Comments