নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ সৰ্বত্ৰ প্ৰতিবাদৰ অগনি জ্বলি থকাৰ সময়তে আজি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মেহ্দী আলম বৰাই বিজেপিৰ সকলো বিষয়বাব তথা প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে৷ আজি সন্ধিয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বৰাই পদত্যাগ-পত্ৰ দাখিল কৰে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা জনাইছে মেহ্দী আলম বৰাই৷
পদত্যাগৰ কাৰণ হিচাপে বৰাই পত্ৰখনত তেওঁ ব্যক্তিগতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে৷ লগতে উক্ত বিধেয়কখনে অসমৰ সমাজ জীৱনক ক্ষতিগ্ৰস্ত কৰিব বুলি তেওঁ বিবেচনা কৰে বুলি পত্ৰত উল্লেখ কৰে৷ আনহাতে, এই বিধেয়কখনে অসমৰ ধৰ্মনিৰপেক্ষ চিন্তা-চেতনাক আঘাত কৰিব বুলিও পত্ৰত উল্লেখ কৰে৷
বিধেয়কখন গৃহীত হ’লে অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত সংকট নামি আহিব আৰু অসম চুক্তিক নস্যাৎ কৰা হ’ব৷ সেয়েহে ব্যক্তিগতভাৱে তেওঁ এই বিধেয়কখনৰ বিৰোধিতা কৰি অহাৰ কথা কয়৷ বিধেয়কখন লোকসভাত গৃহীত কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে সহমত প্ৰকাশ কৰিব নোৱাৰি তেওঁ দলৰ বিষয়বাবৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে৷
- Log in to post comments
- 743 views