মোডী চৰকাৰৰ ওপৰত অন্য এক আঘাত : আলোক বাৰ্মাক ছুটীত পঠোৱাৰ নিৰ্দেশ খাৰিজ

মোডী চৰকাৰৰ ওপৰত অন্য এক আঘাত : আলোক বাৰ্মাক ছুটীত পঠোৱাৰ নিৰ্দেশ খাৰিজ

চিবিআইৰ সঞ্চালক আলোক বাৰ্মাক মোডী চৰকাৰে ছুটীত পঠোৱাৰ যি নিৰ্দেশ দিছিল, সেই নিৰ্দেশ আজি খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে৷ নিৰ্বাসিত আলোক বাৰ্মাই পুনৰ চিবিআইৰ সঞ্চালক পদ ঘূৰাই পাবলৈ সক্ষম হ'ল৷ অৱশ্যে আলোক বাৰ্মাই নীতিগত কোনো সিদ্ধান্ত ল'ব নোৱাৰিব৷ যোৱা ২৩ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে মাজৰাতি এক নিৰ্দেশনাৰ জৰিয়তে সঞ্চালকগৰাকীক বাধ্যতামূলক ছুটীত যাবলৈ নিৰ্দেশ দিছিল৷

মোডী চৰকাৰৰ ওপৰত অন্য এক আঘাত : আলোক বাৰ্মাক ছুটীত পঠোৱাৰ নিৰ্দেশ খাৰিজ

সেই নিৰ্দেশত সঞ্চালক আলোক বাৰ্মাই কেন্দ্ৰীয় চৰকাৰে তেওঁক অপদস্থ কৰা বুলি অভিযোগ উত্থাপিত কৰিছিল৷ এই প্ৰসংগত সঞ্চালকগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ সঞ্চালকগৰাকীৰ বৰ্তমানৰ অৱস্থানৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি, প্ৰধান মন্ত্ৰী আৰু বিৰোধী দলৰ নেতাৰে গঠিত ছিলেকচন সমিতিয়ে এসপ্তাহৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব৷ উল্লেখ্য যে চিবিআই সঞ্চালক আলোক বাৰ্মাৰ লগত বিশেষ সঞ্চালক ৰাকেশ আস্থানাৰ সংঘাতে চৰম সীমা চুইছিলগৈ৷ সেইবাবে ২৩ অক্টোবৰৰ মাজৰাতি কেন্দ্ৰীয় চৰকাৰে আলোক বাৰ্মাক ছুটীত যাবলৈ নিৰ্দেশ দিছিল৷

একে নিৰ্দেশ প্ৰযোজ্য হৈছিল ৰাকেশ আস্থানাৰ ক্ষেত্ৰতো৷ আলোক বাৰ্মাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল যে মধ্য ৰাতি এনে নিৰ্দেশনা আইন বিৰুদ্ধ৷ চিবিআইৰ আইন অনুসৰি চিবিআইৰ সঞ্চালকগৰাকীৰ কাৰ্যকাল ২ বছৰীয়া৷ তাৰ মাজত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত একমাত্ৰ উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি অথবা তেখেতৰ মনোনীত ছুপ্ৰিম কোৰ্টৰ বিচাৰপতি, প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলৰ দলপতিৰ দ্বাৰা গঠিত কমিটীয়েহে গ্ৰহণ কৰিব পাৰে৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক স্বাগতম জনাইছে বিৰোধী দলৰ নেতাসকলে৷

Your Comments