নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি দিল্লীত অসমৰ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে সাব্যস্ত কৰিলে অভূতপূৰ্ব প্ৰতিবাদ৷ সংসদ ভৱনৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০ টা জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে গ্ৰহণ কৰিলে প্ৰতিবাদৰ চৰম পন্থা৷
শৰীৰৰ বস্ত্ৰ খুলি সংসদ ভৱনৰ সন্মুখত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি আকাশ-বতাহ মুখৰিত কৰিলে৷ উল্লেখ্য যে আজি লোকসভাত যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন দাখিলৰ কথা৷ চলিত লোকসভাৰ অধিবেশনতে নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷
জেপিচিৰ প্ৰতিবেদন দাখিলৰ পূৰ্বে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত প্ৰৱেশ কৰাৰ পিছতে জাতীয় সংগঠনসমূহৰ প্ৰতিনিধিসকলে সাব্যস্ত কৰে অভূতপূৰ্ব নগ্ন প্ৰতিবাদ৷ নগ্ন প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই সংসদ ভৱনৰ সন্মুখত তোলপাৰ লাগে৷
আৰক্ষীয়ে কিছুসময়ৰ পিছতে আটক কৰে ১২ জনতকৈ অধিক নগ্ন প্ৰতিবাদকাৰীক৷ জাতি ৰক্ষাৰ স্বাৰ্থত লজ্জা বিসৰ্জন দি অসমৰ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে প্ৰতিবাদৰ চৰম পন্থা গ্ৰহণ কৰাটোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে৷
- Log in to post comments
- 119 views