ৰাজনৈতিক মঞ্চ গঠনৰ চিন্তা  চুতীয়া ছাত্ৰ সন্থাৰ

e

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
চুতীয়া জনগোষ্ঠীৰ শেষৰ গৰাকী ৰাণী বীৰাঙ্গনা সতী সাধনীৰ নামত বগীবিল সেতু নামাকৰণ নকৰাৰ সন্দৰ্ভত আজি নিজৰ স্থিতি স্পষ্ট কৰিলে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। সংগঠনটোৰ বিষয়ববীয়াই আজি গোলাঘাটৰ প্ৰশান্তি ল'জত আয়োজন কৰা এক সংবাদমেলৰ যোগেদি কয় যে দীৰ্ঘদিনৰ পৰা বগীবিল সেতুৰ বীৰাঙ্গনা সতী সাধনী নামাকৰণৰ দাবীত বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

যোৱা ১১ আগষ্টত মুখ্যমন্ত্ৰীৰ লগত হোৱা বৈঠকত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই নামাকৰণ সন্দৰ্ভত এক প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু মুকলি অনুষ্ঠানত দলঙৰ নামাকৰণ কৰিব নোৱাৰা বিষয়টো চৰকাৰৰ চৰম ব্যৰ্থতা বুলি অভিহিত কৰে৷লগতে সংগঠনটোৱে কিহৰ ভিত্তিত ৰেল বিভাগলৈ পঠোৱা প্ৰস্তাৱ আগতীয়াকৈ ৰাজহুৱা কৰা হ'ল বুলিও প্ৰশ্ন কৰে ।

ছাত্ৰ সংগঠনটোৰ সম্পাদক মহেন বৰাই অসমীয়া জনগোষ্ঠীৰ মাজত এক ভ্ৰাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰিবলৈ লোৱা কৌশলত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ সফল হোৱা বুলি মত প্ৰকাশ কৰে৷  চৰকাৰে কৰা এনে প্ৰতাৰণা কোনো কাৰণতে চুতীয়া জনগোষ্ঠীয়ে মানি নলয় বুলি তেওঁ উল্লেখ কৰে৷ আগন্তুক লোকসভা নিৰ্বাচনত সমগ্ৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজে যিকোনো পৰিস্থিতিত বিজেপি চৰকাৰৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিব বুলি তেওঁ  হুংকাৰ দিয়ে৷বিজেপি দলত নেতৃত্ব বহন কৰি থকা চুতীয়া জনগোষ্ঠীৰ লোক সকলক জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত, চৰকাৰে কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে দলত্যাগ কৰিবলৈ বৰাই আহ্বান জনায়।

উল্লেখযোগ্য যে, ২৫ ডিচেম্বৰত ধেমাজি চিচিবৰ গাঁও সাধনী ভৱনত অনুষ্ঠিত হোৱা সন্থাৰ কাৰ্যনিৰ্বাহক সভাত সন্থাই ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ পৰা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ নাম প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে যিকেইটা জনগোষ্ঠীৰ সংগঠনে দলংখনৰ নামাকৰণত বাধা প্ৰদান কৰিলে, সেই বিশেষ জনগোষ্ঠীৰ লগত ভৱিষ্যতে সন্থাই কোনো কাৰ্যসূচী একেলগে নকৰাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ পৰা চুতীয়া যুৱ সন্মিলনক ওলাই আহিবলৈ আহ্বান জনায়।

Your Comments