#স্বনামধন্য #ব্যক্তিৰ #নামৰ #উদ্যানসমূহৰ চৰম #অৱজ্ঞা #নগাঁও #পৌৰসভাৰ

w

#নগাঁৱৰ পৰা #ৱাহিদুদ জামান
নগাঁও পৌৰ এলেকাৰ ভিতৰত ৰাজ্যৰ কেইবাজনো স্বনামধন্য ব্যক্তিৰ নামেৰে নামকৰণ কৰা আঠখনৰো অধিক উদ্যান আছ। কিন্তু নগাঁও পৌৰসভাৰ চৰম দায়িত্বহীনতাৰ ফলত চহৰখনৰ বিভিন্ন স্হানত থকা এই উদ্যাণসমূহ সম্প্ৰতি পৰিত্যক্ত স্হলীলৈ পৰ্যৱসিত হৈছে।

হাবি-জংঘলে আগুৰি ধৰাত সম্প্ৰতি সাপ, বেঙৰ আৱাসস্হলীলৈ পৰ্যৱসিত হোৱা এই উদ্যান কেইখন হ'ল শিল্পী প্ৰণৱ বৰুৱা শিশু উদ্যান, মহেন্দ্ৰ নাথ মৈহেংদান ফুকন উদ্যান, গোপীনাথ বৰদলৈ উদ্যান, জয়ন্ত হাজৰিকা উদ্যান, চন্দ্ৰ ফুকন উদ্যান, সাৰদাকান্ত বৰদলৈ উদ্যান, তাৰিক উদ্দিন আহমেদ উদ্যান আৰু আনন্দৰাম ঢেকিয়াল ফুকন উদ্যান।

শিল্পী প্ৰণৱ বৰুৱা শিশু উদ্যানখন কেইবাবছৰ ধৰি তলাবন্ধ অৱস্থাত আছে। পৰিত্যক্ত অৱস্হাত থকা উদ্যানখন অটব্য হাবি-জংঘলে আগুৰি ধৰিছে। সম্প্ৰতি শিয়াল, সাপ, বেঙৰ আৱাসস্হলীলৈ পৰ্যৱসিত হোৱা পৰিত্যক্ত শিশু উদ্যানখনৰ ভিতৰত নিশাৰ ভাগত বিভিন্ন অসামাজিক কাৰ্যকলাপো সংঘটিত হোৱা পৰিলক্ষিত হৈছে।

এই শিশু উদ্যানখনৰ আন্তঃগাঁথনি উন্নয়ন কৰি পুনৰ মুকলি কৰিবলৈ নগাঁৱৰ ৰাইজে দাবী উত্থাপন কৰি আহিছে যদিও এই সন্দৰ্ভত নগাঁও পৌৰসভাই কোনো গুৰুত্ব আৰোপ কৰা নাই। বিগত বৰ্ষত নগাঁৱৰ সাংসদ তথা কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে প্ৰণৱ বৰুৱা শিশু উদ্যানৰ আন্তঃগাঁথনি উন্নয়নৰ কামৰ বাবে আধাৰশিলা স্হাপন কৰিছিল যদিও সেই আধাৰশিলা আধাৰশিলা হৈয়েই ৰ'ল।

ইপিনে, চহৰখনৰ মাজমজিয়াৰ নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত কলঙৰ তীৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ নামতো এখন উদ্যান আছিল যদিও সেই উদ্যানৰ এতিয়া কোনো অস্তিত্বই নাই। সেই উদ্যানখনৰ মাটিত গঢ়ি উঠিল ৰেষ্টুৰেন্ট আৰু অন্য কেতবোৰ প্ৰতিষ্ঠান। 

ইপিনে, নগাঁও চহৰৰ মাজমজিয়াৰ হয়বৰগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখত থকা গোপীনাথ বৰদলৈ উদ্যানখনৰ অৱস্হাও তেনেই শোচনীয়। উদ্যানখন একাংশ ঠেলাৱালা, ৰিক্সাৱালাৰ আড্ডাস্হলীত পৰিণত হৈছে। আনহাতে, চহৰখনৰ হয়বৰগাঁৱৰ সাৰদাকান্ত বৰদলৈ উদ্যানখনো বছৰ বছৰ ধৰি সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত আছে। উদ্যানখনৰ ভিতৰত ফুল গছৰ সলনি স্হান পাইছে গহৰা গজা বন, লতা, হাবি-জংঘলে।

স্বনামধন্য ব্যক্তিজনৰ নামত থকা উদ্যানখনৰ সাম্প্ৰতিক কদৰ্যময় অৱস্হাটোৰ বাবে এতিয়া পৰিত্যক্ত উদ্যানখনৰ কাষেৰে পাৰহোৱা ৰাইজে নাকত সোপা ল'বলগীয়া অৱস্হাৰ সৃষ্টি হৈছে। ইপিনে, চহৰখনৰ মাজমজিয়াৰ খ্ৰীষ্টান পট্টিৰ গীৰ্জা ঘৰৰ সম্মুখত অৱস্থিত মহেন্দ্ৰনাথ মৈহেংদান ফুকন উদ্যানখনৰো সাম্প্ৰতিক কদৰ্যময় অৱস্হাই নগাঁও পৌৰসভাৰ অকমৰ্ণতাকে প্ৰকট কৰি তুলিছে। উদ্যানখনৰ ভিতৰত প্ৰকাণ্ড জাৱৰ-জোথৰৰ দ'মৰ সৃষ্টি হৈছে।

এই জাবৰৰ দ'মে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে বুলি ৰাইজে অভিযোগ উল্থান কৰিছে। সম্প্ৰতি উদ্যানখন হাবি জংঘলে আগুৰি ধৰাত এই উদ্যানে বৈশিষ্টই হেৰুৱাই পেলাইছে। ঠিক একেদৰে, চহৰখনৰ আমোলাপট্টি চাৰিআলীত অৱস্থিত চন্দ্ৰ ফুকন উদ্যানখনৰো অৱস্থা তথৈবচ। দুবছৰমান পুৰ্বে উদ্যানখনৰ ঝুলনা দুখন ৰং কৰি হাবি-জংঘল কটা হৈছিল যদিও তত্বাৱধানৰ অভাৱত উদ্যানখন বৰ্তমান কদৰ্যময় হৈ পৰিছে।

এই উদ্যানখনৰ সাম্প্ৰতিক কদৰ্যময় অৱস্হাৰ বাবে কোনো এজন লোকেই কেতিয়াও তাৰ ভিতৰত প্ৰৱেশ নকৰে। অনুৰূপ অৱস্থা হৈছে চহৰখনৰ হয়বৰগাঁও এলেকাত অৱস্থিত জয়ন্ত হাজৰিকা উদ্যান আৰু থানা ৰোডৰ তাৰিক উদ্দিন আহমেদ উদ্যান দুখনৰো। জয়ন্ত হাজৰিকা উদ্যানৰ মাজেৰে প্ৰকাণ্ড নলা নিৰ্মাণ কৰাত উদ্যানখন সংকোচিত হৈ পৰে। সেই উদ্যানখনেও উদ্যানৰ সকলো বৈশিষ্ট্য হেৰুৱাই পেলাইছে।

গোপীনাথ বৰদলৈ, আনন্দৰাম ঢেকিয়াল ফুকন, সাৰদাকান্ত বৰদলৈ, চন্দ্ৰ ফুকন, মৈহেংদান ডেকা ফুকন, জয়ন্ত হাজৰিকা, তাৰিক উদ্দিন আহমেদ, প্ৰণৱ বৰুৱাৰ নামত নগাঁও চহৰৰ মাজ মজিয়াত স্হাপিত উদ্যানসমূহৰ তত্বাবধানৰ দায়িত্ব নগাঁও পৌৰসভাৰ । কিন্তু নগাঁও পৌৰসভাই এই উদ্যান কেইখনৰ তত্বাবধানৰ ক্ষেত্ৰত সদায় নেতিবাচক ভূমিকা পালন কৰি আহিছে। ফলত দিনক দিনে উদ্যান কেইখন অধিক কদৰ্যময় হৈ পৰিছে । উদ্যান কেইখনৰ ক্ষেত্ৰত নগাঁও পৌৰসভাৰ চকুমুদা কুলিৰ ভাও ধৰা ভূমিকাত নগঁঞা ৰাইজ ক্ষুণ্ণ হৈ পৰিছে।

 

Your Comments