ৰন্ধন গেছ ছিলিণ্ডাৰৰ বটলিঙৰ মেচিন বিকল 

ো

নৱবর্ষ আৰু মাঘবিহু সময়ত ৰন্ধন গেছৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে উজনি অসমৰ গৃহিনীসকল। ৰন্ধন গেছৰ ছিলিণ্ডাৰ অভাৱ ঘটিব পাৰে উজনি অসমত, কাৰণ উজনি অসমৰ ৰন্ধন গেছৰ একমাত্ৰ বটলিং প্ৰকল্পটো বিকল হৈ পৰিছে দুটাকৈ গুৰুত্বপূৰ্ণ মেচিন। যাৰ বাবে প্ৰকল্পটোত এতিয়া বন্ধ হৈ আছে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ বটলিঙৰ কাম।

বিকল হৈ থকা মেচিন দুটা ভাল কৰিবলৈ কৰ্তৃপক্ষই বৰ্তমান সময়লৈকে কোনো ব্যৱস্থা লোৱা নাই। উল্লেখ যে, আজি এক সপ্তাহৰ পূৰ্বে দুলিয়াজানৰ ৰন্ধন গেছ বটলিং প্ৰকল্পটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত প্ৰকল্পটোৰ দুটাকৈ মেচিন বিকল হৈ পৰিছিল। কিন্তু সেই বিকল মেচিন দুটা ভাল কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Your Comments