নাহৰণিত জুবিন শিল্পী একাদশ বনাম দেৰগাঁও সংবাদ একাদশৰ প্ৰীতি ফুটবল 

w

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

গোলাঘাটৰ নাহৰণি অঞ্চলত কালি নিশা অনুষ্ঠিত হয় জুবিন শিল্পী একাদশ আৰু দেৰগাঁও সংবাদ একাদশৰ মাজত এখন প্ৰীতি ফুটবল খেল। আমছু  মাজগাঁও সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ নাহৰণিবাসীৰ সহযোগত চৈয়দ আব্দুল মালিক সোঁৱৰণী পথাৰত পাঁচ শতাধিক ক্ৰীড়া প্ৰেমীৰ উল্লাসত নিশা ৮ বজাত অনুষ্ঠিত হয় এই ঐতিহাসিক খেলখন।

জুবিন শিল্পী একাদশৰ হৈ জুবিন গাৰ্গকে কৰি অভিনেতা পৱিত্ৰ ৰাভা, সংগীত শিল্পী বাবু বৰুৱা, অজয় ফুকন, অভিনেতা বিবেক আদিয়ে অংশ লোৱাৰ লগতে দেৰগাঁও সংবাদ একাদশৰ হৈ জয়ন্ত সোণোৱাল, আব্দুল মান্নাফ আদিয়ে অংশ লয়।

খেলৰ অন্তত জুবিনে অসমৰ গাঁৱে-চহৰে সৰু সৰু ফুটবল একাডেমী গঢ়ি তোলাৰ মন্তব্য কৰাৰ লগতে অসমত এটা ডাঙৰ ফুটবল একাডেমী প্ৰতিষ্ঠা কৰা মত পোষণ কৰে। জুবিন গাৰ্গে অসমৰ অন্যতম জনপ্ৰিয় ফুটবলৰ প্ৰসাৰৰ বাবে লোৱা এনে প্ৰচেষ্টাক গোলাঘাটবাসীয়ে একেমুখে শলাগ লৈছে।

Your Comments