ট্ৰেড ইউনিয়নৰ প্ৰতিবাদত বুধবাৰে উত্তাল হ'ল দীঘলীপুখুৰীৰ পাৰ

s

তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ লগতে অসমৰ বৰঝাৰ বিমান কোঠকে ধৰি ভাৰতৰ ৬টা বিমানকোঠক ব্যক্তিগত পুঁজিপতি ওচৰত বিক্ৰী কৰাক লৈ আজি ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। 

বিমানকোঠ ব্যক্তিগত কৰণ বন্ধ কৰক, কাগজ কলৰ শ্ৰমিকৰ বকেয়া দৰমহা আদায় দিয়ক, তৈলক্ষেত্ৰ বিক্ৰী বন্ধ কৰক আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

 কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক তথা জনবিৰোধী নীতিৰ বিৰুদ্ধে ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ আহ্বানত ২০১৯ চনৰ ৮ আৰু ৯ জানুৱাৰী তাৰিখে দেশজোৰা ধৰ্মঘট কৰাৰ কথাও প্ৰতিবাদকাৰীসকলে জানিব দিয়ে। 

প্ৰতিবাদকাৰীসকলৰ মূল দাবী তিনিটা হ'ল- (১) বৰঝাৰ বিমানকোঠক ৰাজহুৱা খণ্ডতে সুৰক্ষিত কৰিবলৈ অসম চৰকাৰে উপযুক্ত পদক্ষেপ অতিশীঘ্ৰে গ্ৰহণ কৰক। (২) অইল আৰু অ' এন জি চিৰ উৎপাদনক্ষম তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ সকলো প্ৰক্ৰিয়া বন্ধ কৰক । আৰু (৩) কাছাৰ আৰু নগাঁও কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা অতিশীঘ্ৰে আদায় দিয়ক। 

Your Comments