চমু চাপিছে লোকসভা নিৰ্বাচন, উত্তাপ বাঢ়িছে কলিয়াবৰত

ো

নগাঁৱৰ পৰা ৱাহিদুদ জামান

পঞ্চায়ত নিৰ্বাচনৰ পিচত এতিয়া সমাগত লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে।ৰাজ্যখনৰ আন সংসদীয় সমষ্টিৰ লগতে কলিয়াবৰ সংসদীয় সমষ্টিটোত ৰাজনৈতিক দল সমূহে তৎপৰতা আৰম্ভ কৰিছে।বিশেষকৈ কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত থকা বিজেপি দলত এই তৎপৰতা অধিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ যে ১৯৮৫ আৰু ১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনত কলিয়াবৰ সংসদীয় সমষ্টি অগপই দখল কৰিছিল যদিও সুদীৰ্ঘ সময় ধৰি এই সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল।১৯৯৯ চনৰ পৰা বৰ্তমানলৈকে সমষ্টিটো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰিয়ালৰ লোকে দখল কৰি আহিছে।বৰ্তমান এই সমষ্টিৰ সাংসদ গগৈৰ পুত্ৰ গৌৰৱ গগৈ।গোলাঘাট জিলাৰ গোলাঘাট,খুমটাই,সৰুপথাৰ, বোকাখাট, দেৰগাঁও আৰু নগাঁও জিলাৰ কলিয়াবৰ,চামগুৰি, ৰূপহীহাট,ধিং,বটদ্ৰৱা আদি দহটা সমষ্টিৰে গঠিত কলিয়াবৰ সংসদীয় সমষ্টিত চাহ জনগোষ্ঠীয় আৰু ধৰ্মীয় সংখ্যালঘূ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহন কৰি আহিছে।

২০১৪ চনৰ সংসদীয় নিৰ্বাচনত বিজেপিৰ প্ৰৱল ঢৌ থকাৰ পিছতো কংগ্ৰেছৰ গৌৰৱ গগৈ নিৰ্বাচিত হৈছিল।এইবাৰো কংগ্ৰেছৰ পৰা গৌৰৱ গগৈয়ে প্ৰাৰ্থীত্ব পোৱাটো নিশ্চিত বুলি কংগ্ৰেছৰ এক সুত্ৰৰ পৰা জানিব পৰা গৈছে।আনহাতে বিজেপি দলেও এইবাৰ সমষ্টিটো দখল কৰিবৰ কাৰণে তৎপৰতা অব্যাহত ৰাখিছে।বিজেপি দলৰ প্ৰতি শেহতীয়া ভাৱে  চাহ জনগোষ্ঠী আৰু সংখ্যালঘু ভোটাৰ আকৃষ্ট হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলৰ পৰা কেইবাজনেও প্ৰাৰ্থীত্ব বিছাৰি কুচ কাৱাজ আৰম্ভ কৰা দেখা গৈছে।

বিজেপি দলৰ  পৰা প্ৰাৰ্থীত্ব বিছৰাসকলৰ ভিতৰত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, ৰাজ্যিক বিজেপিৰ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা অন্যতম।তদুপৰি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ নামো চৰ্চালৈ আহিছে বুলি জানিব পৰা গৈছে।ইপিনে নগাঁও জিলাৰ জুৰীয়া আৰু লাওগাঁৱৰ দুই যুৱ নেতা হবিবুৰ(বাবুল) ৰহমান আৰু নাছিৰউদ্দিন আহমেদেও প্ৰাৰ্থীত্বৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।কলিয়াবৰ জিলা বিজেপিৰ এক সুত্ৰই জনোৱামতে  নগাঁও জিলাৰ ৰূপহী, ধিং, চামগুৰি,বটদ্ৰৱা আদি  বিধানসভা সমষ্টিত ধৰ্মীয় সংখ্যালঘূৰ প্ৰভাৱ বেছি।

এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছক প্ৰতিহত কৰাৰ স্বাৰ্থত এই দুজন যুৱ নেতা আগবাঢ়ি আহিছে বুলি জানিব পৰা গৈছে।ৰাজ্যত বৰ্তমান অগপ,বিজেপিৰ মিত্ৰজোটৰ চৰকাৰ চলি আছে।লোকসভা নিৰ্বাচনৰ সময়লৈকে মিত্ৰতা অব্যাহত থাকিলে কলিয়াবৰ সংসদীয় সমষ্টিটো বিজেপিয়ে অগপক এৰি দিয়াৰ সম্ভাৱনা নোহোৱা নহয় । এয়া হ’লে সমষ্টিটোত ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে।

Your Comments