হেলেমৰ বাকৰি পঞ্চায়তৰ অন্তৰ্গত ভলুকাগুৰি পাৰঘাটত ৰাইজৰ ২৫২ ফুট দৈৰ্ঘৰ বাঁহৰ দলং নিৰ্মাণ

w

ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে এই পদক্ষেপ । গহপুৰৰ ২৫/২২ হেলেম ৰাজহ চক্ৰৰ বাকৰি পঞ্চায়তৰ অন্তৰ্গত ভলুকাগুৰি পাৰঘাটত ৰাইজে নিৰ্মাণ কৰি উলিয়ালে প্ৰায় ২৫২ ফুট দৈৰ্ঘৰ এখন বাঁহৰ দলং ।

ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া প্ৰায় ১০/১১ খন গাঁৱৰ ৰাইজে কালিৰ পৰা যাত্ৰা আৰম্ভ কৰিছে উক্ত দলংখনেৰে। ব্ৰহ্মপুত্ৰ নদীৰ এটি সুঁতিৰ ওপৰেৰে নিৰ্মাণ কৰা দলংখনৰ ইটো পাৰে ১০/১২খন ৰাইজে এতিয়া কিছু পৰিমানে সকাহ অনুভৱ কৰিছে কিয়নো বছৰটোৰ বেছিভাগ সময়ে ৰাইজে যাত্ৰা অব্যাহত ৰাখিব লগীয়া হয় তুলুঙা নাৱেৰেই । দৈনিক ব্যৱসায়-বানিজ্য বিভিন্ন অফিচ-কাছাৰী, ৰোগী চিকিৎসালয়লৈ অনা-নিয়া আদি কামত উক্ত অঞ্চলৰ বাসিন্দাসকলৰ নৌকা যাত্ৰাই আছিল প্ৰধান সম্বল।

সেয়ে ৰাইজৰ বিশেষ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ ৰাইজে প্ৰায় ৫০০/৬০০ বাঁহ ব্যৱহাৰেৰে নিৰ্মাণ কৰি উলিয়ালে উক্ত দলংখন। গোপালজাৰণী, থুতেচাপৰি, লক্ষী চাপৰি, মাজ চাপৰি, জবৰে চাপৰি আদি গাঁৱৰ ৰাইজ এতিয়া কিছু পৰিমানে সুখী । অনাগত দিনত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰি যাতে উক্ত অঞ্চলৰ যাতায়ত অধিক সুচল কৰি তোলে তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাই ৰাইজে।

Your Comments