মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
মাজুলীৰ ১৮নং জেংৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিংকু পেগু দলেক আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে বৈধ ঘোষণা কৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে । উল্লেখ্য যে সদ্য অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ যোৱা ১২ ডিচেম্বৰৰ ভোট গণনাত বিভিন্ন বিসংগতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি জেংৰাই গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ পৰাজিত সভানেত্ৰী পদৰ প্ৰাৰ্থী মায়া দলেই মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ ওচৰত স্মাৰক-পত্ৰ দাখিল কৰিছিল ।
এই স্মাৰক-পত্ৰৰ ভিত্তিত মাজুলী জিলা প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পৰামৰ্শ বিচাৰি পত্ৰ প্ৰেৰণ কৰে । সেই লৈ ৰাজ্যিক নিৰ্বাচন আয়োগে ভোট গণনাৰ সমগ্ৰ নথি-পত্ৰৰ ওপৰত পৰীক্ষা কৰি থকাৰ সময়তে যোৱা ১৭ ডিচেম্বৰত মায়া দলেৰ হৈ কংগ্ৰেছীসকলে মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি ভোট গণনাত সংঘটিত হোৱা আসোঁৱাহ দূৰ কৰিবৰ বাবে পুনৰ ভোট গণনা অনুষ্ঠিত কৰাৰ দাবী জনায় ।
কংগ্ৰেছীসকলে জনোৱা অভিযোগৰ ভিত্তিত ৰাজ্যিক নিৰ্বাচন আয়োগে সম্পূৰ্ণৰূপে তদন্ত কৰাৰ পিছত মাজুলী নিৰ্বাচনী বিভাগৰ দ্বাৰা ঘোষণা কৰা ফলাফল বৈধ বুলি স্বীকৃতি প্ৰদান কৰে ।
সেইমতে মাজুলী জিলা প্ৰশাসনে ১৮নং জেংৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে ৰিংকু পেগু দলেক আজি আনুষ্ঠানিকভাৱে নিৰ্বাচন জয়ী হোৱাৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে ।
ইয়াৰ লগে লগে কংগ্ৰেছীসকলকৰ অভিযোগ ৰাজ্যিক নিৰ্বাচন আয়োগে নসাৎ কৰে । উল্লেখ্য যে জেংৰাই গাঁও পঞ্চায়তৰ বিজয়ী সভানেত্ৰী ৰিংকু পেগু দলে হৈছে বিজেপি-গণশক্তি মিত্ৰজোঁটৰ প্ৰাৰ্থী । প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী মায়া দলেক ৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰে ।
- Log in to post comments
- 9 views