মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত আজি ঘোষিত পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি-গণশক্তি মিত্ৰজোঁটৰ দলে সকলো ৰাজনৈতিক দলক বিধ্বস্ত কৰি এককভাৱে বৃহৎ সাফল্য লাভ কৰিছে। নদীদ্বীপ জিলাখনৰ দুখন উন্নয়ন খণ্ডত মুঠ ২০খন গাঁও পঞ্চায়তৰ ভিতৰত উনৈশখন গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি গণশক্তিৰ মিত্ৰজোঁটে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে কংগ্ৰেছে এখন সভাপতি আসনত আৰু অগপ দলে এখন আঞ্চলিক সদস্য পদতহে জয়ী হয়।
একেদৰে মুঠ ১৯৭ টা ৱাৰ্ড সদস্য পদৰ ভিতৰত ১৫৪ টা ৱাৰ্ড সদস্য পদত বিজেপি গণশক্তি মিত্ৰজোঁটে দখল কৰাৰ বিপৰীতে কংগ্ৰেছে ৩১ টা, অগপই ৪টা আৰু নিৰ্দলীয়ই ৮ টা ৱাৰ্ড সদস্য পদত বিজয়ী হয় । চাৰিখন জিলা পৰিষদ সদস্য আসন ক্ৰমে উজনি মাজুলী জিলা পৰিষদ সদস্য পদত বিজেপি গণশক্তি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱজিত পাতিৰ, নামনি মাজুলী জিলা পৰিষদ সদস্য পদত ৰাজশেখৰ দলে, মধ্য মাজুলী জিলা সদস্য পদত পাপু হাজৰিকা দত্ত, দক্ষিণ পুব জিলা পৰিষদ সদস্য পদৰ আসনত টুটুমনি দেবী আদিয়ে বিজেপি গণশক্তি মিত্ৰজোঁট দলে বিজয়ী সাব্যস্ত কৰে।
উল্লেখ্য যে বিজেপি গণশক্তি মিত্ৰজোঁট দলৰ এই বিজয়ৰ পিছত দল দুয়োটাৰ নেতা কৰ্মী, সমৰ্থকৰ মাজত মাজুলীৰ পঞ্চায়তে পঞ্চায়তে অভূতপূৰ্ব এক উলাহৰ বন্যা বৈছে । উজনি মাজুলী জিলা পৰিষদ সদস্য পদৰ বিজেপি গণশক্তি মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থী দেবজিত পাতিৰক আজি গড়মূৰৰ পৰা উজনি মাজুলীৰ ৰতনপুৰ মিৰিৰ উজনি গেজেৰালৈ বিজয়ী প্ৰাৰ্থীগৰাকীৰ নিজ ঘৰলৈ ঢোলে-ঢগৰে শোভাযাত্ৰা কৰি নিয়া হয় । বিভিন্ন শ্লোগান, ফটকা ফুটাই, নৃত্য গীত আদিৰে আনন্দ উলাহ কৰে দলীয় সমৰ্থকসকলে ।
ইয়াৰোপৰি ফুলনি, ৰঙাচাহী, শ্ৰীৰাম, জেংৰাই, চেৰপাই, ৰতনপুৰ মিৰি, লোহিত পৰীয়া আদি উজনি মাজুলীৰ বিভিন্ন গাওঁ পঞ্চায়তসমূহতো বিজয়ী প্ৰাৰ্থীসকলক লৈ আনন্দ উলাহ কৰে দলীয় সমৰ্থকসকলে। ঠায়ে ঠায়ে ভোজ-ভাতৰ আয়োজন কৰি এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰিছে। জেংৰাইমুখত কালি নিশাৰ পৰা আজি ৰাতিপুৱালৈকে বিভিন্ন চাৰিচকীয়া বাহন, মটৰ চাইকেলেৰে বৃহৎ ৰেলীৰ বাহিৰ কৰে বিজেপি গনশক্তি মিত্ৰজোঁটৰ সমৰ্থকসকলে ।
- Log in to post comments
- 34 views