দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি আহিছে যদিও বঙাইগাঁও সদৰ মহকুমাত এতিয়াও ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ভোটাৰ ৰাইজক প্ৰভাৱিত কৰিব পৰা নাই ৷ এক কথাত ক'বলৈ গ'লে ভোটাৰ ৰাইজে কোন দলক তথা প্ৰাৰ্থীক বিশ্বাসত ল'ব সেয়া সঠিক সিদ্ধান্তই ল'ব পৰা নাই ৷ পূৰ্বৰ দৰে নাই পঞ্চায়ত নিৰ্বাচনকলৈ ভোটাৰ ৰাইজৰ মাজত উৎসাহ ৷ অৱশ্যে ইয়াৰ মাজতো বঙাইগাঁও মহকুমাৰ গ্ৰামাঞ্চলত ৰাজনৈতিক দলসমূহে দলীয় কাৰ্যালয় মুকলি কৰি দলৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷
কংগ্ৰেছ, অগপ, বিজেপি দলৰ তৰফৰ পৰা ঠায়ে ঠায়ে সভা-সমিতি অনুষ্ঠিত কৰাৰ লগতে দলৰ প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰি ফুৰিছে ৷ উল্লেখ্য যে মহকুমাটোৰ অন্তৰ্গত ৪ খন জিলা পৰিষদ, ১৬ খন গাঁও পঞ্চায়ত আৰু ১৬ খন আঞ্চলিক পঞ্চায়তৰ অধিকাংশতে কংগ্ৰেছ আৰু অগপ দলৰ প্ৰাৰ্থীসকলৰ মাজতে মূল যুঁজ হোৱাৰ সম্ভাৱনাই অধিক ৷ কাৰণ মহকুমাটোত শাসকীয় বিজেপি দলৰ সাংগঠনিক স্থিতি সোলোক-ঢোলোক হৈ পৰিছে ৷
দলটোৰ প্ৰতি যিটো বিশ্বাসেৰে ৰাইজ আগুৱাই আহিছিল সেই বিশ্বাস যেন লাহে-লাহে ৰাইজে হেৰুৱাই পেলাইছে ৷ বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিব বিচৰা বিষয়টোৱে দলটোৰ প্ৰতি ৰাইজৰ মোহ ভংগ ঘটাইছে ৷ তাৰোপৰি প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰতো দলটোৱে ৰাইজৰ মাজত পৰিচিত দলীয় কৰ্মী তথা লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সলনি যাকে-তাকে প্ৰাৰ্থিত্ব প্ৰদান কৰি অগপ দলক লাভাম্বিত কৰাৰ বাবে বাট মুকলি কৰি দিয়া বুলিহে অভিযোগ উত্থাপিত হৈছে ৷
আনহাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক দলৰ তৰফৰ পৰা আৰ্থিক দিশত বিশেষ সহায় নকৰা বুলিও দলীয় কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে ৷ আনকি একাংশ প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত ধনৰ অভাৱত ভুগিবলগীয়াও হৈছে ৷ জিলা বিজেপিৰ একাংশ নেতাৰ অগপ দলৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই দলটোৱে নিৰ্বাচনত কুফল ভোগ কৰিব লাগিব বুলিও এতিয়া দলৰে কৰ্মী-সমৰ্থকসকলে ভিতৰি ভিতৰি কোৱা-কুই কৰিবলৈ লৈছে ৷
এনেবোৰ কাৰণতে এতিয়া হতাশ হৈ পৰিছে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল ৷ উল্লেখ্য যে বঙাইগাঁও মহকুমাত পূৰ্বে বিজেপি দলৰ দখলত নাছিল এখনো পঞ্চায়ত ৷ সেয়ে দলটোৰ বাবে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিৱেচিত হৈছে ৷ কিন্তু কি ফলাফল লাভ কৰে সেয়া সময়তহে পৰিস্কাৰ হ'ব ৷ ইপিনে অগপৰ ভেঁটি হিচাপে চিহ্নিত বঙাইগাঁৱত এইবাৰো দলটোৱে শক্তিশালী স্থিতিতে আছে ৷ অৱশ্যে বিজেপি চৰকাৰৰ লগত মিত্ৰতাত থকাৰ বাবে দলটোৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে ৷
তাৰোপৰি বিগত পঞ্চায়ত নিৰ্বাচনত দলটোৰ দখলতে আছিল অধিকাংশ পঞ্চায়ত ৷ সেইদৰে এ আই ইউ ডি এফ আৰু চি পি আই ( এম) দলৰ সৈতে লগ হৈ গঠন কৰিছিল জিলা পৰিষদ ৷ সেয়ে দলটোৰ গ্ৰামাঞ্চলত সাংগঠনিক ভেঁটি সবল ৷ অৱশ্যে প্ৰাৰ্থিত্বক লৈ একাংশ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী অসন্তুষ্ট ৷ একাংশ পুৰণি প্ৰাৰ্থীকে বাৰে বাৰে প্ৰাৰ্থিত্ব প্ৰদান কৰি অহাত নাৰাজ দলটোৰ কৰ্মী-সমৰ্থক ৷
আনহাতে দলটোৱে এনে আন একাংশ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, যিসকল প্ৰাৰ্থীক নিজ অঞ্চলটোৰ ৰাইজেই ভালকৈ চিনি নাপায় ৷ সামাজিক ক্ষেত্ৰতো নাই কোনো অৰিহণা ৷ কিন্তু যি কি নহওক তৎস্বত্বেও দলটো পঞ্চায়ত নিৰ্বাচনত লাভাম্বিত হোৱাৰ সম্ভাৱনাই অধিক ৷ ইয়াৰ মূলতে হ'ল দলটোৰ স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফনীভূষণ চৌধুৰী ৷ ৰাইজে অগপ দলৰ প্ৰাৰ্থীক চাই নহয় বৰং অগপ নেতা ফনীভূষণ চৌধুৰীৰ বাবেহে দলটোক ভোট দিয়ে ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব ৷
আনহাতে কংগ্ৰেছ দলেও যুদ্ধংদেহী মনোভাৱেৰে মহকুমাটোত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে যদিও কিমান দূৰ সফলতা লাভ কৰে সেয়া এতিয়াই ক'ব পৰা হোৱা নাই ৷ দলটোৰ সাংগঠনিক স্থিতি একেবাৰে দুৰ্বল বুলি ক'ব নোৱাৰি ৷ তাৰোপৰি যোৱা পঞ্চায়ত নিৰ্বাচনত দলটোৱে মহকুমাটোৰ চাৰিটা জিলা পৰিষদৰ দুটাই দখল কৰাৰ লগতে ছয়খন গাঁও পঞ্চায়ত আৰু পাঁচখন আঞ্চলিক পঞ্চায়ত নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল ৷ অৱশ্যে দলটোৱে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত অধিক সচেতন হোৱাৰ প্ৰয়োজন আছিল ৷
দলটো সংখ্যালঘু অঞ্চলত লাভাম্বিত হোৱাৰ লগতে অগপ আৰু বিজেপি দলে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত দলটোৰ বাবে অধিক আশাৰ সঞ্চাৰ কৰিছে ৷ এনে অৱস্থাত দলটোৱে ভোটাৰ ৰাইজৰ মাজত সোমাই পৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও কিমানদূৰ সফলতা লাভ কৰে সেয়া নিৰ্বাচনী ফলাফলেহে ক'ব ৷
অৱশ্যে মহকুমাটোত অধিকাংশ পঞ্চায়ততে অগপ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজতে নিৰ্বাচনী যুঁজ হোৱাৰ সম্ভাৱনা উজ্বল হৈ উঠিছে ৷ লগতে কংগ্ৰেছ দলে এইবাৰো কেবাখনো পঞ্চায়ত নিজৰ দখলত ৰাখিবলৈ সক্ষম হ'ব বুলি নিৰ্বাচনী পৰ্যৱেক্ষক মহলে সম্ভাৱনা ব্যক্ত কৰিছে ৷ কিন্তু এই সকলো কথা স্পষ্ট হ'ব নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিচত ঘোষিত ফলাফলতহে ৷
- Log in to post comments
- 15 views