লখিমপুৰ আলিছিগাত ভোট বৰ্জনেৰে প্ৰতিবাদ ভোটাৰ ৰাইজৰ

s

লখিমপুৰ জিলা নিৰ্বাচনী বিভাগৰ গাফিলতি তথা দায়িত্বহীনতাৰ বাবে প্ৰায় ছয় শতাধিক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা কাৰ্য্যত ক্ষুণ্ণ হৈ কালি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰি প্ৰতিবাদ সাৱস্ত্য কৰিলে ৩নং আলিছিগা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰৰ ভোটাৰসকলে ।

উল্লেখ্য যে লখিমপুৰ জিলাৰ লোহিত খাবলু গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩নং আলিছিগা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটাৰৰ পৰিমান সৰ্বমুঠ ১১৫৬টা ভোট । এই ১১৫৬টা ভোটৰ পৰা মাত্ৰ ৫৬৬টাহে ভোটাৰ তালিকাত নাম আছে আৰু বেলট পেপাৰ আছে ১২৩০ টা আদি অনেক  বিসংগতি ।

বিভিন্ন দলৰ নেতা কৰ্মী তথা ভোটাৰ ৰাইজে পুৱাই ভোটদান কৰাৰ উদ্দেশ্যে ভোট কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত ভোটাৰ তালিকাৰ বিসংগতিৰ কথা পোহৰলৈ আহে । ইয়াৰ পিছত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি তথা ভোটাৰ ৰাইজৰ মাজত এক সৰ্বদলীয় সভা অনুষ্ঠিত হয় । সম্পূৰ্ণ নাম সন্নিবিষ্ট থকা ভোটাৰ তালিকাৰ জৰিয়তে ভোটদান কৰিব বুলি পিছাইডিং বিষয়াক অৱগত কৰে। ইয়াৰ পিছত নিৰ্বাচনী বিভাগৰ সদোত্তৰ বিছাৰি ভোটদিনৰ পৰা বিৰত থাকে ক্ষোভিত ভোটাৰসকলে।

এই কথা জানিব পাৰি নিৰ্বাচনী চেক্টৰ বিষয়া ৩নং আলিছিগা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । বিষয়াগৰাকীয়ে উৰ্দ্ধতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ পিছত লখিমপুৰ ৰাজহ-চক্ৰ বিষয়া মঞ্জিৎ বৰকাকতিয়ে ২০১৬ চনৰ পুৰণা ভোটাৰ তালিকাখন লৈ ভোট কেন্দ্ৰত উপস্থিত হয় কিন্তু তেতিয়া সময় হৈছিল দিনৰ ১২টা।

ৰাজহ-চক্ৰ বিষয়াগৰাকীয়ে পুৰণা ভোটাৰ তালিকাৰে ভোটদান কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনাইছিল যদিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভোটদানৰ পৰা বিৰত থাকে ৩নং আলিছিগা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰৰ ভোটাৰ ৰাইজে ।

Your Comments