শেষ নিশাৰ খেলত ব্যস্ত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী

s

কাইলৈ ৫ ডিছেম্বৰত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন । নিজৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে ব্যস্ত হৈ পৰিছে বিভিন্ন কৌশল প্ৰস্তুত কৰাৰ ক্ষেত্ৰত । আনুষ্ঠানিক নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ সময়সীমা কালি দিনৰ চাৰি বজাতে সামৰণি পৰে যদিও নিৰ্বাচনী এই বিধি উলংঘা কৰি আজি নিশাৰ ভাগতো উজনি মাজুলীৰ বিভিন্ন পঞ্চায়তৰ গাঁওবোৰত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী উদ্দেশ্যত জাকে-জাকে ঘূৰি ফুৰিছে ।

বিভিন্ন পৰ্যায়ৰ নৈশ ভোজৰ আয়োজন কৰি ভোটাৰৰ মন আকৰ্ষণ কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। তদুপৰি শেষ নিশাৰ খেল খেলাৰ বাবেও সাজু হৈছে ৰাজনৈতিক দলবোৰৰ শীৰ্ষ নেতাসকলে । বিশেষকৈ বিৰোধী দল কংগ্ৰেছ, বিজেপি গণশক্তি মিত্ৰজোঁট দল, অগপ আৰু নিৰ্দলীয় আদি দলবোৰে বিভিন্ন পৰিকল্পনা ৰচনা কৰাত নিমগ্ন হৈ পৰিছে‌। ভোটাৰৰ পৰা ভোট ক্ৰয় কৰাৰ বাবে শকত পৰিমাণৰ ধন ব্যয় কৰিছে। ইপিনে ৪নং উজনি মাজুলী জিলা পৰিষদ সমষ্টিত শাসকীয় বিজেপি গণশক্তি মিত্ৰজোঁট আৰু বিৰোধী দল কংগ্ৰেছ দলেই প্ৰাৰ্থীত্ব আগবঢ়াইছে ।

এইক্ষেত্ৰত কংগ্ৰেছৰ প্ৰাৰ্থী নিবেদিতা দলেতকৈ বিজেপি গণশক্তি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱজিৎ পাতিৰ যথেষ্ট শক্তিশালী । প্ৰাক্তন জিলা পৰিষদ সদস্য নিবেদিতা দলেই বিগত কাৰ্যকালত উজনি মাজুলী জিলা পৰিষদ সমষ্টিবাসীক কৰা প্ৰতাৰণাৰ পৰিপ্ৰেক্ষিতত এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ।

অৱশ্যে সমষ্টিটোত অগপ দলে প্ৰাৰ্থী থিয় নকৰাত অগপৰ ভোটখিনি কাৰপক্ষলৈ যাব সেয়া স্পষ্ট নহয় । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ আৰু অগপ দল দুয়োটাই মিতিৰআলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপণ হৈছিল । এই অভিযোগ সত্য হ'লে কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী লাভাম্বিত হ'ব আৰু কিছু সুবিধাজনক দিশত অগ্ৰসৰ হ'ব ।

উল্লেখ্য যে উজনি মাজুলী জিলা পৰিষদ সদস্য পদৰ বাবে বিজেপি গণশক্তি মিত্ৰজোঁট আৰু কংগ্ৰেছ দুয়ো দলে অগপ দলৰ ভোট আদায় কৰাৰ বাবে অহৰহ চেষ্টা চলাইছে ।

Your Comments