মাজুলীত কালি নিৰ্বাচনত ২০ পঞ্চায়ত, ৪ খন জিলা পৰিষদৰ ৬৭৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়

s

৫ ডিচেম্বৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ'বলগীয়া মাজুলী জিলাৰ পঞ্চায়ত নিৰ্বাচনত মুঠ ৬৭৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,১৫,৮০৬ গৰাকী ভোটাৰে । ৪ খন জিলা পৰিষদৰ সদস্য পদ, আঞ্চলিক পঞ্চায়তৰ ২০ গৰাকী সদস্য পদ, ২০ খন পঞ্চায়তৰ ২০ গৰাকী সভাপতি পদ আৰু ২০০ গৰাকী ৱাৰ্ড সদস্য পদৰ বাবে মুঠ ৬৭৪ গৰাকী প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা কৰিছে।

ভোটগ্ৰহণৰ বাবে ২০১ কেন্দ্ৰত মুঠ ১,১০৫ গৰাকী প্ৰিজাইডিং আৰু পুলিং বিষয়াসহ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। মাজুলীৰ দুৰ্গম অঞ্চলৰ ২০টা কেন্দ্ৰলৈ ১৪০ গৰাকী ভোটগ্ৰহণকাৰী বিষয়া ৩ ডিচেম্বৰত ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে । এটা দল যোৰহাট, দেৰগাঁও হৈ আৰু আনটো দল লখিমপুৰ হৈ গন্তব্যস্থল লৈ ৰাওনা হৈছে ।

মাজুলীৰ মুঠ ২০১টা ভোট কেন্দ্ৰৰ ভিতৰত ৮৫টা অতি স্পৰ্শকাতৰ, ৬৮টা স্পৰ্শকাতৰ আৰু ৪৮ টাইটানিক ভোট কেন্দ্ৰ সংকটমুক্ত বুলি জিলা প্ৰশাসনে চিনাক্ত কৰিছে । জিলা উপায়ুক্ত দেবপ্ৰসাদ মিশ্ৰই মাজুলীৰ পঞ্চায়ত নিৰ্বাচন মুক্ত আৰু নিকা কৰি মাজুলীৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। জিলা আৰক্ষী অধীক্ষক হিতেশ ৰায়ে ভোটাৰৰ নিৰাপত্তাৰ বাবেসকলো ব্যবস্থা কৰা বুলি সদৰি কৰে । যিকোনো পৰিস্থিতিত ১০৭৭ ট'ল ফ্ৰি নম্বৰত যোগাযোগ কৰিবলৈ আহ‌্বান জনায়।

Your Comments