মৰিগাঁৱৰ পৰা জিতুমনি নাথ
নিৰ্বাচনৰ বিধি উলংঘন কৰি মৰিগাঁৱত জাতীয় ঐক্য মঞ্চৰ এজন প্ৰাৰ্থীয়ে পথ মেৰামতি কৰাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । এই ঘটনা সংঘটিত হৈছে মৰিগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত মানিপুৰ গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ঔজাৰিত । ১০নং ৱাৰ্ডৰ জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থী মৃনাল বিশ্বাস নামৰ ব্যক্তিজনৰ নিৰ্দেশত আজি পুৱাৰে পৰা ট্ৰেক্টৰ জৰিয়তে পথৰ ওপৰত মাটি পেলাই মেৰামতি কামত নিয়োজিত আছিল দুই-এজন লোক ।
স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি লগে লগে জিলা নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাসক তথ্য সহকাৰে অভিযোগ দাখিল কৰাত জিলা নিৰ্বাচনী বিষয়া দাসে তাৎক্ষণিকভাবে জিলা প্ৰশাসনক অৱগত কৰি এক তদন্ত ব্যৱস্থা কৰাই । জিলা অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়াই নিৰ্বাচনী বিধি উলংঘনৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰি ততাতৈয়াকৈ মৰিগাওঁ ৰাজহ চক্ৰৰ কৰ্মচাৰী দুলাল দাস আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কমল ঠাকুৰীয়াক ক্ষেত্র পৰিদৰ্শন কৰি তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা দিয়ে।
দুয়োজন কৰ্মচাৰীয়ে ক্ষেত্র পৰিদৰ্শন কৰি ট্ৰেক্টৰে প্ৰায় ১০ গাড়ী মান মাটি পথৰ ওপৰত পেলাই থোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰি সত্যতা তথ্য লাভ কৰে। তদুপৰি দুয়োজন কৰ্মচাৰীয়ে জাতীয় ঐক্য মঞ্চৰ ৱাৰ্ড সদস্য প্ৰাৰ্থী মৃনাল বিশ্বাসৰ পৰা নিৰ্বাচনী বিধি উলংঘনৰে পথ মেৰামতি কৰাৰ সন্দৰ্ভত মতামত গ্ৰহণ কৰোত বিশ্বাসে কয় মই পুৱা সেই পথেদি যাওতে ৰাইজে মোক পথটো কথা অৱগত কৰিছিল । কিন্তু বৰ্তমানে পথটোৰ মেৰামতি কামত মই জড়িত নহয় ।
কিন্তু স্থানীয় ৰাইজৰ দাবী বৰষুণ পৰিলে এই পথটোৱে মানুহ অহা যোৱা কৰাটো কোনো কাৰণতেই সম্ভৱ নহয় । এতিয়া নিৰ্বাচনৰ ভোট ভিক্ষা কৰিবলৈ মৃনাল বিশ্বাসে নিৰ্বাচনী বিধি উলংঘন কৰি এই পথটো মেৰামতি কৰি ৰাইজৰ আস্থা লাভ কৰিবলৈ চেষ্টা চলাইছে। এই ক্ষেত্ৰত মৃনাল বিশ্বাসৰ বিৰুদ্ধে স্থানীয় ৰাইজে যথোচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে জিলা প্ৰশাসন বা জিলা নিৰ্বাচনী আয়ুক্তই কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয় ।
- Log in to post comments
- 13 views