হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা দুৰ্গা দাস বড়োৰ

ৌ

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা
ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতাহ । পঞ্চায়তে পঞ্চায়তে মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতাই চলাইছে নিৰ্বাচনী প্ৰচাৰ । কঠিয়াতলি ব্লক কংগ্ৰেছৰ উদ্যোগত ৩নং শিঙিমাৰী মাধৱপাৰা জিলা পৰিষদৰ উদ্যোগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দুৰ্গা দাস বড়ো । নিৰ্বাচনী প্ৰচাৰত ভাষণ প্ৰদানৰ মাজতে হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ।

ৌ

যোৰহাট মেডিকেল কলেজত ১৬টাকৈ শিশুৰ মৃত্যু হোৱা, ইফালে ৩ দিন ধৰি চলি থকা নাৰ্ছৰসকলৰ প্ৰতিবাদৰ সময়তে পুনৰ দুটা শিশুৰ মৃত্যু হোৱাত, হিমন্ত বিশ্ব শৰ্মালৈ সকীয়নি দুৰ্গা দাস বড়োৰ । প্ৰথমে নিজৰ দায়িত্ব পালন কৰা, অন্যথা অসমৰ ইতিহাসত শিশু হত্যাকাৰী নামে নামাকৰণ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ ।

ইফালে নৰেন্দ্ৰ মোডীকো তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ভাষণ প্ৰদানৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা দিয়ে প্ৰাক্তন মন্ত্ৰী দুৰ্গা দাস বড়োৱে ।
 

Your Comments