বিজেপিৰ শক্তি কমিছে সেয়ে আবোল-তাবোল কৈছে : নগাঁও জিলা অগপ সভাপতি

ৌ

হিমন্ত বিশ্ব শৰ্মাই যি কথা কয়, অগপৰ আঞ্চলিক পৰ্যায়ৰ কৰ্মীয়ে তেনে মন্তব্য নাৰাখে । শক্তি থাকিলেহে শক্তিশালী বক্তব্য দিব । যিহেতু বিজেপিৰ শক্তি কমি আহিছে সেয়ে আবোল-তাবোল কথা কয় কৈছে । অগপৰ উত্থান দেখি বিজেপিয়ে ভয় খাইছে ।

এইদৰে বিজেপি দলক উভতি ধৰি এই মন্তব্য কৰে নগাওঁ জিলাৰ অগপৰ সভাপতি তথা নগাওঁ জিলা পৰিষদৰ ৪নং চাপৰমুখ জিলা পৰিষদ সমষ্টিৰ অগপৰ প্ৰাৰ্থী অতুল মেধিয়ে ।

ে

অগপৰ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে সমষ্টিৰ বিভিন্ন পঞ্চায়তত অগপৰ পঞ্চায়তৰ মনোনীত প্ৰাৰ্থীসকলক লৈ চুকে-কোণে ব্যাপক প্ৰচাৰ চলাইছে আৰু দলটোক পুনৰুদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে ।

এইদৰে খোজকাঢ়ি ঘৰে ঘৰে ভোট ভিক্ষা কৰাৰ অন্তত সকলোৱে মিলি ভোজভাতো খাইছে । ৰহাত দলটো ক্ৰমাৎ শক্তি বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে । অৱশ্যে কিমান সফল হ'ব সেয়া সময়েহে ক'ব ।
       

Your Comments