মৰিগাঁৱত অগপৰ নিৰ্বাচনী সভাত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত :অসমত অসমবাসীৰ স্বাৰ্থত কাম কৰি যাবলৈ অগপক শক্তি দিয়ক-কেশৱ মহন্ত, কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন
মৰিগাওঁ পৰা জিতুমনি নাথ
পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ ৰথী মহাৰথী সকলে মৰিগাঁও জিলাত নিজ নিজ দলৰ সমৰ্থিত প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই একপ্ৰকাৰে মৰিগাঁও ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে। বুধবাৰে মৰিগাঁও ভূৰবন্ধা জিলা পৰিষদৰ কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী অধিবক্তা পবিত্ৰ বৰা হৈ তৰাবৰিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত আজি একেটা জিলা পৰিষদৰ অগপ প্ৰাৰ্থী যুৱনেতা বিজয় কুমাৰ নাথৰ হৈ ভূৰবন্ধাত নিৰ্বাচনী প্ৰচাৰ চলাই অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই।
ধীৰেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয়- অগপ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অকলে অৱতীৰ্ণ হৈ ৰাইজৰ মাজলৈ আহিছো। কাৰণ অসম চুক্তি ৰুপায়ণ হবই লাগিব। অসমৰ ৰাইজৰ অস্তিত্ব ৰক্ষা হবই লাগিব। অসমত হিন্দু মুছলমান আদি সকলো লোকৰে নিৰাপত্তা থাকিবই লাগিব।
গতিকে আমি ৰাইজৰ ওচৰলৈ আহিছো। ৰাইজে আমাৰ আঞ্চলিক শক্তিটোক অসমৰ অসমবাসীৰ স্বাৰ্থত কাম কৰি যাবলৈ অগপক শক্তি দিব লাগে। সেইটোৱে আমাৰ এই নিৰ্বাচনৰ প্ৰধান উদ্দেশ্যে। বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপক বিভিন্ন ধৰণে আক্ৰমণ-প্ৰত্যাক্ৰমন কৰাৰ সন্দৰ্ভত সংবাদমাধ্যৰ লোকে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ পৰা জানিব বিচৰাত মহন্তই অতি কৌশলি স্থিতি গ্ৰহণ কৰি কয় যেতিয়া শক্তিশালী হয় তেতিয়া শক্তিশালী ঠাইতে আক্ৰমণ কৰে বুলি কৌশলৰে আতৰি যায়।
অগপৰ নেতা বাণী দাস, বীৰেশ্বৰ মেধী, শান্তনু শৰ্মা, ৰবীন মেধী, দীপক বৰা আদিয়ে ভাষণ প্ৰদান কৰা নিৰ্বাচনী সভাখনত ভূৰবন্ধা জিলা পৰিষদৰ প্ৰাৰ্থী বিজয় কুমাৰ নাথ, ভূৰবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী জনিভা কোঁৱৰ, আঞ্চলিক সদস্য প্ৰাৰ্থী পৱন কোঁৱৰকে আদি কৰি ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী সকলো উপস্থিত থাকে।
ইফালে কংগ্ৰেছ দলৰ হৈ যুৱনেতা তথা অধিবক্তা পবিত্ৰ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে। মন্ত্ৰী হুছেইনে কয় বিজেপি দলে ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ একোৱে ৰক্ষা কৰিব পৰা নাই। ৰাইজে সকলোবোৰ প্ৰত্যক্ষ কৰি আছে আৰু তাৰ সথিক উত্তৰ এইবাৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনৰ জড়িতে দিব বুলি মন্তব্য কৰে।
- Log in to post comments
- 10 views