বটদ্ৰৱাৰ জামুগুৰি-কুজীডাঁহ পঞ্চায়তত নিৰ্বাচনী তৎপৰতা : অগপ-বিজেপি প্ৰাৰ্থীৰ মাৰাথন প্ৰচাৰ অভিযান 

বটদ্ৰৱাৰ জামুগুৰি-কুজীডাঁহ পঞ্চায়তত নিৰ্বাচনী তৎপৰতা : অগপ-বিজেপি প্ৰাৰ্থীৰ মাৰাথন প্ৰচাৰ অভিযান 

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মাঃ
অহা ৫ ডিচেম্বৰত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাঁও জিলাৰ পশ্চিমাঞ্চলত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে ব্যাপক ৰূপত প্ৰচাৰকাৰ্য চলোৱা পৰিলক্ষিত হৈছে। নগাঁও জিলাৰ হাতীচোং মৌজাৰ গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিচিত ২৩ নং কুঁ‌জিদাহ-জামুগুৰি পঞ্চায়তৰ সভাপতি পদৰ যুঁজখন ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈ পৰিছে। পঞ্চায়তৰ সভাপতি পদৰ  যুঁজৰ বাবে অগপ প্ৰক্ষেপিত প্ৰাৰ্থী যুৱনেতা কৌস্তভ জ্যোতি বৰাই ঘৰে ঘৰে গৈ, পথসভা পাতি প্ৰচাৰকাৰ্য চলাই থকা পৰিলক্ষিত হৈছে ৷

বটদ্ৰৱাৰ জামুগুৰি-কুজীডাঁহ পঞ্চায়তত নিৰ্বাচনী তৎপৰতা : অগপ-বিজেপি প্ৰাৰ্থীৰ মাৰাথন প্ৰচাৰ অভিযান 

 সমান্তৰালভাৱে কংগ্ৰেছ আৰু বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী দুগৰাকীয়েও জামুগুৰি- কুঁজীডাহ গাঁৱত মন্থৰ গতিত প্ৰচাৰ চলাই থকা বুলি জানিব পৰা গৈছে৷ অগপ প্ৰাৰ্থী গৰাকীৰ সৰল ব্যক্তিত্ব তথা সমাজৰ সৰ্বস্তৰত থকা জনপ্ৰিয়তালৈ লক্ষ্য কৰিলে প্ৰাৰ্থী গৰাকীৰ পথ প্ৰশস্ত বুলিব পাৰি যদিও কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী ৰিংকু মোহন নাথে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে ৷

 আনহাতে, পঞ্চায়ত টোৰ আঞ্চলিক সদস্য পদৰ বাবে যুঁজখন মূলতঃ  শাসনাধিষ্ঠিত বিজেপি দলৰ ভদ্ৰ বৰা, অগপৰ দুল গোস্বামী আৰু কংগ্ৰেছৰ অৰুণ চন্দ্ৰ দাসৰ মাজত হোৱাৰ সম্ভাৱনাই প্ৰৱল। বৰ্তমানলৈকে নিৰ্বাচনী প্ৰচাৰকাৰ্য তীব্ৰতৰ কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা যুৱনেতা ভদ্ৰ বৰাৰ বিপৰীতে কংগ্ৰেছ আৰু অগপৰ প্ৰাৰ্থীগৰাকীয়ে ভোটাৰৰ মন জয়ৰ চেষ্টা অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে, বিগত সময়ত কংগ্ৰেছৰ দখলত থকা পঞ্চায়তটোত ব্যাপক ভাৱে দুৰ্নীতি হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছিল। স্বচ্চ,নিকা আৰু হৃদয়ৱান ভাৱমূৰ্তিৰ বিজেপিৰ যুৱ নেতাগৰাকীৰ উত্থানে আৰু প্ৰাৰ্থীৰূপে ৰাজহুৱা গ্ৰহণযোগ্যতাই স্বাভাৱিকতে শংকিত কৰি তুলিছে বিৰোধী শিৱিৰ সমূহক ৷ চাৰি সহস্ৰাধিক ভোটাৰ থকা পঞ্চায়তটোত কোনে শেষ হাঁহি মাৰিব সেয়া লক্ষণীয় বিষয় হৈ পৰিছে।

Your Comments