নগাঁৱত পঞ্চায়ত নিৰ্বাচনত কৰ্মচাৰীক নিয়োগৰ ক্ষেত্ৰত ব্যাপক অনিয়ম

নগাঁৱত পঞ্চায়ত নিৰ্বাচনত কৰ্মচাৰীক নিয়োগৰ ক্ষেত্ৰত ব্যাপক অনিয়ম

নগাঁৱৰ পৰা ৱাহিদুদ জামান

অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যৰত বিষয়া-কৰ্মচাৰী নিয়োগ কৰাক লৈ জিলা উপায়ুক্ত কাৰ্যালয়ত ব্যাপক অনিয়ম আৰু বেমেজালি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । জিলাখনৰ পঞ্চায়ত নিৰ্বাচনৰ বিশেষ দায়িত্বত থকা জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথে প্ৰিজাইডিং বিষয়া, প'লিং বিষয়াসকলক নিৰ্বাচনৰ কামত নিয়োজিত কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু চৰম বেমেজালি সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ অনুসৰি, নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ কামত নিৰ্বাচনী বিষয়া (প্ৰিজাইডিং আৰু প'লিং)সকলৰ নিযুক্তিৰ নামত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, মৃত কৰ্মচাৰীৰ নামতো নিৰ্বাচনী কৰ্তব্যৰ নিয়ুক্তিঃপত্ৰ প্ৰেৰণ কৰা হৈছে । নগাঁও জিলা প্ৰশাসনৰ এনে অবিবেচক কাণ্ডই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি খরইছে ।

প্ৰাপ্ত তথ্য অনুসৰি, গিৰীশ শংকৰ দাস নামৰ এজন মৃত কৰ্মচাৰীকো প'লিং বিষয়াৰ কৰ্তব্যত নিয়োগ কৰা হৈছে । আনহাতে, নগাঁও জিলাৰ পৰা ইতিমধ্যেই বদলি হৈ অন্য জিলাত কৰ্মৰত সৌৰভ শীল আৰু ৰীকুমণি পাটৰকো জিলাখনৰ পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যত নিয়োগ কৰা হৈছে । আনকি, ইতিপূৰ্বে চাকৰিৰ পৰা ইস্তফা দিয়া কৰ্মচাৰী ৰাজু কৌৰকো নিৰ্বাচনী কৰ্তব্যত নিয়োগৰ পত্ৰ প্ৰেৰণ কৰা হৈছে । এনেধৰণৰ বিভ্ৰাট জিলাখনত অসংখ্য হোৱা বুলি জিলা উপায়ুক্ত কাৰ্যালয়ৰ এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

 তাৰোপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী আৰু আপত্তিৰ কাম চলি থকা অৱস্হাতো এন আৰ চিৰ কামত ব্যঘাত জন্মাই জিলাখনৰ বিভিন্ন এন এছ কেত কৰ্মৰত এন আৰ চিৰ ১,৫৯২জন বিষয়া-কৰ্মচাৰীক পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যত নিয়োগ কৰা হৈছে । এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চিৰ কামত নিয়োজিত কোনো বিষয়া-কৰ্মচাৰীকেই পঞ্চায়ত নিৰ্বাচনৰ কামত নিয়োগ কৰি হাৰাশাস্তি নকৰিবলৈ আহ্বান জনোৱাৰ পাছতো নগাঁও জিলা প্ৰশাসনে জিলাখনৰ এন আৰ চিৰ কৰ্তব্যত নিয়োজিত ১,৫৯২জন কৰ্মচাৰীক নিৰ্বাচনৰ কৰ্তব্যত নিয়োগ কৰা কাৰ্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

জিলা প্ৰশাসনৰ এনে কাৰ্যই এন আৰ চিৰ কামত ব্যাঘাত জন্মাব বুলিও বিভিন্ন দল-সংগঠনে গুৰুতৰ অভিযোগ উল্থাপন কৰিছে । 
জিলাখনৰ পঞ্চায়তৰ নিৰ্বাচনৰ কৰ্তব্যত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ একাংশক নিৰ্বাচনী কৰ্তব্যৰ পৰা আঁতৰোৱাৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।

একাংশ মন্ত্ৰী, বিধায়ক, শাসকীয় দলৰ নেতা-পালিনেতাৰ নিৰ্দেশমৰ্মে অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথে বহু বিষয়া-কৰ্মচাৰীক নিৰ্বাচনী কৰ্তব্যৰ পৰা ৰেহাই দিয়াৰ অভিযোগ উঠিছে । ইপিনে, জিলা উপায়ুক্ত কাৰ্যালৰয় একাংশ কৰ্মচাৰীয়ে উৎকোচ লৈয়ো দুই-এক বিষয়া-কৰ্মচাৰীৰ নাম নিৰ্বাচনী কৰ্তব্যৰ পৰা আঁতৰোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

ইয়াৰ বিপৰীতে যিসকল বিষয়া-কৰ্মচাৰীয়ে চিকিৎসাজনিত অথবা অত্যন্ত জৰুৰী বিষয়ত নিৰ্বাচনী কৰ্তব্যৰ পৰা ৰেহাই বিচাৰি আবেদন কৰিছে তেওঁলোকে অতিৰিক্ত উপায়ুক্ত দেৱনাথৰ ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হৈছে । তাৎপৰ্যপূৰ্ণ বিষয় যে অতিৰিক্ত উপায়ুক্ত দেৱনাথৰ দালালে নগাঁৱত পঞ্চায়ত নিৰ্বাচনত এতিয়া কাক ক'ত দায়িত্বত নিয়োজিত কৰিব আৰু কাক কিয় কি কাৰণে দায়িত্বৰ পৰা ৰেহাই দিব সেইটো নিৰ্ধাৰণ কৰি চৰম বিশৃংখলতাৰ সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

নগাঁৱত অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰাৰ পাছৰে পৰা সৰ্বসাধাৰণ ৰাইজক দুৰ্ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হোৱা দুলাল দেৱনাথক কোনে নাকী লগাব তাক লৈও এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে ।

Your Comments