বঙাইগাঁৱত নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কীয় সভা

বঙাইগাঁৱত নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কীয় সভা

ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মঙলবাৰে বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত বাবুলাল শৰ্মাৰ সভাপতিত্বত বিজেপি, অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই (এম) আৰু বি পি এফ দলৰ জিলা সভাপতি আৰু সম্পাদকসকলৰ সৈতে নিৰ্বাচনী আচৰণ বিধি আৰু অন্যান্য নিয়ম সম্পৰ্কত এখন সভা অনুষ্ঠিত হয় ৷

জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত জিলা নিৰ্বাচনী বিষয়া বাবুলাল শৰ্মাই কয় যে ৰাজনৈতিক দল নাইবা প্ৰাৰ্থীয়ে কোনো ধৰ্মীয় অনুষ্ঠানত নিৰ্বাচনী প্ৰচাৰ সভা পাতিব নোৱাৰিব আৰু নিৰ্বাচনী প্ৰচাৰ সভাত ধৰ্মীয় কথাও ক'ব নোৱাৰিব ৷ যি কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আয়োজন কৰা নিৰ্বাচনী সভা, সমাৱেশ, সমদল আদিৰ ক্ষেত্ৰত জিলা প্ৰশাসনক আগতিয়াকৈ জনাব লাগিব আৰু আইন - শৃংখলা পৰিস্থিতিৰ স্বাৰ্থত  জিলা পেৰশাসন বা আৰক্ষীয়ে নিৰ্দ্ধাৰণ কৰি দিয়া নীতি নিয়ম মানি চলিব লাগিব ৷

ষ্টাৰ কেম্পেইনাৰ আহিলে সেই বিষয়ে ৰাজনৈতিক দলসমূহে জিলা প্ৰশাসনক আগতিয়াকৈ জনাব লাগিব বুলিও কয় ৷ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে কয় যে নিশা আঠ বজাৰ পৰা পুৱা আঠ বজালৈ অনুভাষ যন্ত্ৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ ইয়াৰ উপৰিও জিলা নিৰ্বাচনী বিষয়াই ৰাজনৈতিক দলসমূহক জনায় যে প্ৰাৰ্থীসকলে ভোট গ্ৰহণৰ দিনা প'লিং এজেন্ট আৰু কাউন্টিং এজেন্ট দিব পাৰিব ৷ ভোট গ্ৰহণৰ দিনা এশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো প্ৰাৰ্থীয়ে প্ৰচাৰ চলাব নোৱাৰিব ৷

জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে আৰু জনায় যে শিক্ষা বিভাগৰ অতিৰিক্তি সচিব শেৱালী দেৱীক বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে পৰ্যৱেক্ষক হিচাপে নিযুক্ত কৰা হৈছে ৷

সেয়ে ৰাজনৈতিক দলসমূহৰ কিবা ক'বলগীয়া থাকিলে পৰ্যৱেক্ষকক জনাব পাৰিব ৷ সভাত বঙাইগাঁও জিলা কংগ্ৰেছ দলৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, বিজেপি দলৰ জিলা সভাপতি সুকেন ৰায়, অগপ দলৰ জিলা সভাপতি বিজয় সিংহৰ উপৰিও এ আই ইউ ডি এফ, বি পি এফ আৰু চি পি আই (এম) দলৰ বিভিন্ন বিষয়ববীয়া আৰু জিলা প্ৰশাসনৰ কতৃত্বপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে ৷


 

Your Comments